NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহানগৰীত পুনৰ মহিলাক নৃশংস হত্যা

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী February 7, 2022 4:37 pm
গুৱাহাটী মহানগৰীত পুনৰ মহিলাক নৃশংস হত্যা

পুনৰ মহানগৰীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।

প্ৰায় ৬০ উৰ্ধৰ এগৰাকী মহিলাক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ।

মহিলাগৰাকীৰ নাম অনু হাজৰিকা বুলি জানিব পৰা গৈছে।

কালাপাহাৰ গোপীনাথ নগৰৰ তাৰা হীৰা কম্প্লেক্সৰ স্বত্বাধিকাৰী উক্ত মহিলাগৰাকী।

নিশাৰ ভাগত কোনো দুৰ্বৃত্তই হত্যা কৰি থৈ যায় মহিলা গৰাকীক। ঘৰৰ আচবাব ভাঙি ধন, সোণ লুটি লৈ যোৱাৰ লগতে চিচিটিভিও ভাঙি থৈ যায়।

ইতিমধ্যে ঘটনাস্থলীত উচ্চ পৰ্যায়ৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ শুংসূত্ৰ পোৱা নাই আৰক্ষী প্ৰশাসনে।

মহিলাগৰাকীয়ে অকলশৰে বাস কৰিছিল নিজ বাসগৃহত ।

প্ৰায় ৫ বছৰ পূৰ্বে তেওঁৰ স্বামীৰ মৃত্যু হৈছিল  বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ।