NORTHEAST NOW (Assamese)
Popular Stories

প্ৰতিগৰাকী ক’ৰ’না আক্ৰান্তৰ বিপৰীতে আমেৰিকা, জাপান, ইটালীতকৈ অধিক সংখ্যক লোকৰ পৰীক্ষা সম্পন্ন কৰিছে ভাৰতে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 16, 2020 10:17 pm
1537 persons cured of COVID-19 in Assam

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ভাৰতে কম সংখ্যক লোকক পৰীক্ষা কৰিছে বুলি কোৱাটো ভুল হ’ব বুলি উল্লেখ কৰে ইণ্ডিয়ান মেডিকেল ৰিচাৰ্ছ কাউঞ্চিলে(আই চি এম আৰ)।

ভাৰতে প্ৰতিগৰাকী ক’ৰ’না আক্ৰান্ত ৰোগীৰ বিপৰীতে জাপান, ইটালী, আমেৰিকাতকৈ অধিক সংখ্যক লোকৰ পৰীক্ষা সম্পন্ন কৰিছে বুলিও আই চি এম আৰে মন্তব্য কৰে।

‘‘ভাৰতে প্ৰতিগৰাকী ক’ৰ’না আক্ৰান্ত ৰোগীৰ বিপৰীতে ২৪ গৰাকী লোকৰ পৰীক্ষা সম্পন্ন কৰিছে। এইক্ষেত্ৰত জাপানে প্ৰতিগৰাকী ক’ৰ’না আক্ৰান্তৰ বিপৰীতে ১১.৭, ইটালীয়ে ৬.৭, আমেৰিকাই ৫.৩ আৰু য়ু কে ৪.৩ গৰাকী লোকৰ পৰীক্ষা সম্পন্ন কৰিছে,’’ আই চি এম আৰে তথ্য দাঙি ধৰি কয়।

বৰ্তমানলৈ ভাৰতে ২,৯০,৪০১ টা ক’ৰ’নাভাইৰাছৰ পৰীক্ষা কৰিছে।

উল্লেখযোগ্য যে, বিভিন্ন বিৰোধী ৰাজনৈতিক নেতাই ভাৰতে এতিয়ালৈ কম সংখ্যক ক’ৰ’না ভাইৰাছ টেষ্ট কৰিছে বুলি চৰকাৰক সমালোচনা কৰি আহিছে।

ভাৰত চৰকাৰে বিভিন্ন ৰাজ্য চৰকাৰৰ সহযোগত দেশত ক’ৰ’না ভাইৰাছ টেষ্টিং পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি কৰিছে।

প্ৰতিদিনে ভাৰতে ১৮,০০০ কৈ অধিক ক’ৰ’না ভাইৰাছ টেষ্ট সফলভাৱে সম্পন্ন কৰিছে বুলিও আই চি এম আৰে উল্লেখ কৰি ভবিষ্যত সময়ত ইয়াৰ মাত্ৰা আৰু অধিক বৃদ্ধি কৰা হ’ব বুলি কয়।