NORTHEAST NOW (Assamese)
অসম

ক্ৰিষ্টিয়ানো ৰোণাল্ডো কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 14, 2020 6:48 am

বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ সকলৰ অন্যতম পৰ্টুগালৰ ষ্ট্ৰাইকাৰ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

পৰ্টুগাল জাতীয় দলৰ হৈ ব্যস্ত থকাৰ সময়তে ৰোণাল্ডো কোভিড প’জিটিভ হৈছে বুলি জানিব পৰা গৈছে।

আজি য়ু ই এফ এ নেশ্যন লীগত ৰোণাল্ডোৱে পৰ্টুগালৰ হৈ চুইডেনৰ বিপক্ষে খেলপথাৰত নমাৰ কথা আছিল যদিও কোভিড প’জিটিভ হোৱাৰ পাছতে তাৰকা ফুটবলাৰ গৰাকীক জাতীয় দলৰ কেম্পৰ পৰা অব্যাহতি দিয়া হয়।

৩৫ বছৰীয়া জুভেণ্টাছৰ ষ্ট্ৰাইকাৰ গৰাকী কোভিড প’জিটিভ হোৱাৰ পাছতে বিশ্বৰ ফুটবল প্ৰেমী সকলে ৰোণাল্ডোৰ দ্ৰুত আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰা আৰম্ভ কৰিছে।

পৰ্টুগীজ ফুটবল ফেডাৰেশ্যনে প্ৰকাশ কৰা মতে, বৰ্তমান সময়ত ৰোণাল্ডোৰ শৰীৰত কোনোধৰণৰ ক’ৰ’নাৰ লক্ষণে দেখা দিয়া নাই আৰু তেওঁক চিকিৎসকৰ পৰামৰ্শ অনুসৰি আইছ’লেশ্যনত ৰখা হৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৰোণাল্ডোৱে জুভেণ্টাছৰ হৈ খেলি থকাৰ সময়তো তেওঁৰ চাৰিগৰাকী সতীৰ্থৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰিছিল।