NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ কঠোৰ নিৰ্দেশৰ পাছতেই কলিয়াবৰত প্ৰথম গৰাকী মহিলাই ঘূৰাই দিলে ৰেচন কাৰ্ড

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা July 1, 2021 3:11 pm
rat

চৰকাৰৰ কঠোৰ নিৰ্দেশৰ পাছতেই কলিয়াবৰত প্ৰথম গৰাকী মহিলাই ঘূৰাই দিলে ৰেচন কাৰ্ড।

কলিয়াবৰৰ কুঠৰীৰ দ্বাৰবাগৰী সমবায় লিঃৰ অন্তৰ্গত গ্ৰাহক নিলু শইকীয়াই পুত্ৰৰ চাকৰি থকাৰ বাবেই চৰকাৰৰ নিৰ্দেশ পালন কৰি ঘূৰাই দিলে ৰেচন কাৰ্ড।

গ্ৰাহক গৰাকীৰ এই পদক্ষেপক এতিয়া শুভেচ্ছা জনাইছে বিভাগীয় বিষয়াই।

উল্লেখ্য যে¸ ১ লাখ টকাৰ ওপৰত বাৰ্ষিক আয় লাভ কৰা সকলক ৰেচন কাৰ্ড ঘূৰাই দিবলৈ ৰাজ্য চৰকাৰে যি নিৰ্দেশ দিছিল তাৰ পাছতেই কলিয়াবৰত প্ৰথম গৰাকী গ্ৰাহকে ঘূৰাই দিয়ে ৰেচন কাৰ্ড।

দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ যি সকলে ৰেচন কাৰ্ড স্ব ইচ্ছাৰে ঘূৰাই নিদিব¸সেইসকলৰ নাম ছাৰ্ভে অনুসৰি কৰ্তন কৰি বিজ্ঞাপন আকাৰে নাম তালিকা প্ৰকাশ কৰাৰ কঠোৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।