NORTHEAST NOW (Assamese)
অসম

সৰ্বসাধাৰণৰ মূৰত মাধমাৰ চৰকাৰৰ; পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 1, 2021 3:09 pm
568346-gas.gif-750x375

সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধাই পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম। আজি জুলাই মাহৰ প্ৰথম দিনটোতে ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ লগতে বাণিজ্যিক চিলিণ্ডাৰৰো দাম বৃদ্ধি পাইছে।

চৰকাৰী তেল কোম্পানীবোৰে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ২৫টকা বৃদ্ধি কৰাৰ বিপৰীতে বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৭৬ টকা বৃদ্ধি কৰিছে।

গুৱাহাটীত ঘৰুৱা চিলিণ্ডাৰৰ দাম ৮৫৮ টকা আছিল।

ৰাষ্ট্ৰীয়কৃত তেল সংস্থাসমূহে প্ৰতি মাহৰ ১ তাৰিখে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম সংশোধন কৰে।

ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছিল যদিও এপ্ৰিল মাহত অপৰিৱৰ্তিত আছিল চিলিণ্ডাৰৰ দাম।

এপ্ৰিলত চিলিণ্ডাৰৰ দাম ১০টকা হ্ৰাস কৰা হৈছিল যদিও জুলাইত পুনৰ বৃদ্ধি কৰা হ’ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।

চলিত বছৰৰ জানুৱাৰী মাহত দিল্লীত ১৪.২ কেজিৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম আছিল ৬৯৪টকা। ১ফেব্ৰুৱাৰীত ৭১৯টকালৈ বৃদ্ধি পাইছিল।

ইয়াৰ পাছতে ১৫ ফেব্ৰুৱাৰীত ৭৬৯টকালৈ বৃদ্ধি পায় ১৪.২ কেজিৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম। তাৰ দহদিন পাছতে চিলিণ্ডাৰৰ দাম বৃদ্ধি পাই ২৫ ফেব্ৰুৱাৰীতে দাম হয়গৈ ৭৯৪টকা।

সেইদৰে মাৰ্চত দিল্লীত ৮১৯টকালৈ বৃদ্ধি পায় ঘৰুৱা চিলিণ্ডাৰৰ দাম। বৰ্তমান দিল্লীত ১৪.২ কেজিৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি পাই হ’লগৈ ৮৩৪.৫০টকা।