NORTHEAST NOW (Assamese)
অসম

টীয়কৰ ৰাজৈ সুন্দৰপুৰ গাঁৱত অবৈধ সুৰা জব্দ 

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 1, 2021 2:55 pm
dog

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত ৰাজৈ সুন্দৰপুৰ গাঁৱত যোৱা নিশা অবৈধ সুৰা জব্দ ।

এক গোপন সুত্ৰৰ পম খেদি সুনীল কুমাৰ নামৰ ব্যক্তি জনৰ ঘৰৰ পৰা জব্দ কৰে টীয়কৰ লাহদৈগড় চকীৰ আৰক্ষীয়ে।

লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় ৰয়ৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে অভিযান চলাই বিছনাৰ তলৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ সুৰা।

উল্লেখ্য উক্ত অঞ্চলটোত দীৰ্ঘদিনৰে পৰা দুষ্ট চক্ৰই সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছে।