NORTHEAST NOW (Assamese)

আতঙ্কৰে ভৰা বিহাৰৰ ৰেলৰ ডবা! ভয়তে শৌচাগাৰত আশ্ৰয় যুৱতীৰ, উদ্ধাৰ ৰেলৱে আৰক্ষীৰ

December 14, 2025 2:18 pm · এন ই নাও নিউজ, গুৱাহাটী

আজিও এই দেশৰ ৰাজহুৱা পৰিবহণত অকলে যাত্ৰা কৰাটো এগৰাকী যুৱতীৰ বাবে পুনৰ চিন্তনীয় বিষয় হৈ পৰিছে। শেহতীয়াকৈ বিহাৰত সংঘটিত এক ঘটনাই মহিলাৰ নিৰাপত্তা সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। বিহাৰৰ এগৰাকী যুৱতীয়ে জনোৱা মতে, কেনেকৈ একেলগে ৰেলত উঠা বহু সংখ্যক পুৰুষৰ ভিৰৰ মাজত তেওঁ ভয় খাই শৌচাগাৰত লুকাই থাকিবলগীয়া হৈছিল। পিছত আৰ পি এফৰ সহায়ত তেওঁ পুনৰ নিজৰ আসনলৈ উভতি আহিবলৈ সক্ষম হয় বুলিও যুৱতীগৰাকীয়ে প্ৰকাশ কৰে।

যুৱতীগৰাকীয়ে ছচিয়েল মিডিয়াত এই আতংকিত যাত্ৰাৰ বিষয়ে শ্বেয়াৰ কৰিছে, যি এতিয়া ভাইৰেল হৈ পৰিছে। তেওঁ লিখিছে, ‘আজি বুজিলোঁ ভ্ৰমণৰ সময়ত নিৰাপত্তাৰ চিন্তাবোৰ কিয় বাস্তৱিক! মই অকলে যাত্ৰা কৰি আছিলো। মোৰ ৰেলখন কাটিহাৰ জংচন (বিহাৰ)ত ৰৈ গল। হঠাৎ ৩০-৪০ জন যুৱকে চিঞৰি চিঞৰি ঠেলি দি ডবাটোত প্ৰৱেশ কৰিলে। মই টয়লেটত আছিলো। মই ওলাই আহিব নোৱাৰিলোঁ – দুৱাৰৰ সন্মুখত মানুহবোৰ গোট খাই থিয় হৈ আছিল। দুৱাৰখন আকৌ বন্ধ কৰি ৰেলৱে হেল্পলাইন (১৩৯)লৈ ফোন কৰিলোঁ। ভাগ্য ভাল যে আৰ পি এফ সোনকালে আহিল। বাট মুকলি কৰি মোক নিৰাপদে মোৰ আসনত বহিবলৈ সহায় কৰিলে। এটা অতি ভয়ংকৰ অভিজ্ঞতা।

অকলে যাত্ৰা কৰা ছোৱালী এজনীৰ এই চিন্তাই বহু লোকক চিন্তিত কৰি তুলিছে। স্বাভাৱিক পৰিস্থিতিও কেনেকৈ সোনকালে বিপদজনক হব পাৰে সেই বিষয়েও বহুতে উদ্বেগ প্ৰকাশ কৰিছে। একাংশই যুৱতীগৰাকীৰ দ্ৰুত বুদ্ধিমত্তা আৰু আৰ পি এফৰ দ্ৰুত সঁহাৰিৰ প্ৰশংসা কৰিছে।

এজন নেটিজেনে মন্তব্য কৰিছে, ‘এই দেশত মহিলাৰ সুৰক্ষা কৌতুক হৈ পৰিছে। বিশেষকৈ উত্তৰ ভাৰতত। টিকটবিহীন যাত্ৰীয়ে ৰেলত যি ধৰণে সমস্যাৰ সৃষ্টি কৰে সেয়াও চিন্তা কৰিবলগীয়া কথা। সেই অৰ্থত বহুতে এই কথাও প্ৰকাশ কৰিছে যে ছোৱালীজনীৰ ডাঙৰ বিপদ নহলেও যিকোনো সময়তে হ’ব পাৰিলেহেঁতেন। এই ঘটনাই দেশৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত মহিলাৰ নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা পুনৰবাৰ আঙুলিয়াই দিছে।

Related News