NORTHEAST NOW (Assamese)

৭ মাহে অচেতন অৱস্থাত থকা মাতৃয়ে জন্ম দিলে সন্তান

October 29, 2022 2:09 pm ·
Updated: October 29, 2022 6:43 pm
Close up of tiny foot of newborn baby

চিকিৎসা বিজ্ঞানৰ আন এক সাফল্য। এইবাৰ দিল্লীৰ এইমছত ৭ মাহ ধৰি অচেতন অৱস্থাত থকা গৰ্ভৱতী মহিলাই অচেতন অৱস্থাতে জন্ম দিলে সন্তান।

উল্লেখ্য যে এটা পথ দুৰ্ঘটনাৰ ফলত দীৰ্ঘদিন ধৰি দিল্লীস্থিত এইমছত ভৰ্তি হৈ আছিল মহিলাগৰাকী। যোৱা ১ এপ্ৰিলত পুৱা ৪.৩০ মান বজাত সংকটজনক তথা অচেতন অৱস্থাত এইমছৰ ট্ৰমা চেন্টাৰত ভৰ্তি কৰোঁওৱা হৈছিল ২৩ বছৰীয়া মহিলাগৰাকীক।

মহিলাগৰাকীৰ চিকিৎসক ডাঃ দীপক গুপ্তাই জনোৱা মতে নিজৰ স্বামীৰ সৈতে এখন দুচকীয়া বাহনত গৈ থকা অৱস্থাত ১ এপ্ৰিলৰ নিশা উত্তৰ প্ৰদেশৰ বুলান্দসাহা অঞ্চলত এটি ভয়ানক দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত দুয়ো গুৰুতৰবে আঘাতপ্ৰাপ্ত হয়। বিশেষকৈ মহিলাগৰাকীয়ে মূৰৰ কেইবা ঠাইটো আঘা পায়। যাৰ ফলত মহিলাগৰাকীৰ মূৰত কেইবাটাও অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলগা হয়। বেয়াকৈ আঘাত পোৱা মগজুত কেইবাটাও অস্ত্ৰোপচাৰ কৰিবলগা হোৱা বাবে আজি ৭ মাহে অচেতন অৱস্থাত এইমছত চিকিৎসা প্ৰদান কৰি থকা হৈছে মহিলাগৰাকীক। চিকিৎসকে জনোৱা মতে যোৱা ৭ মাহত ৫টাকৈ মগজুৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে মহিলাগৰাকীৰ।

উল্লেখ্য যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ মাত্ৰ ৬ সপ্তাহৰ আগত মহিলাগৰাকীৰ বিবাহ সম্পন্ন হৈছিল আৰু এইমছত ভৰ্তি হোৱাৰ সময়ত মহিলাগৰাকী আছিল ৪০ দিনৰ গৰ্ভৱতী। চিকিৎসকে জনোৱা মতে মহিলাগৰাকী অচেতন অৱস্থাত আছে যদিও  বৰ্তমান কোনোধৰণৰ ভেন্টিলেটৰৰ সহায় নোলোৱাকৈয়ে প্ৰাকৃতিকভাবে নিজেই উশাহ নিশাহ লৈ আছে।

প্ৰথম অৱস্থাত চিকিৎসক সকলে মহিলাগৰাকীৰ শাৰীৰিক অৱস্থালৈ চাই গৰ্ভপাত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও বহুতো পৰীক্ষা নিৰীক্ষা আৰু বিশেষজ্ঞ সকলৰ মাজত হোৱা আলোচনা-বিলোচনাৰ অন্তত মহিলাগৰাকীৰ গৰ্ভপাত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

চিকিৎসকে জনোৱা মতে উচিত চিকিৎসা প্ৰদান কৰিলে অহা কেইবছৰ মানৰ ভিতৰত মহিলাগৰাকীৰ চেতনা ঘূৰি অহাৰ আশা ১০-১৫ শতাংশ।  ইমানৰ পিছতো মহিলাগৰাকীয়ে জন্ম দিছে ২.৫ কিলোগ্ৰাম ওজনৰ এটি স্বাস্থ্যৱান কন্যা শিশু।

Related News