NORTHEAST NOW (Assamese)
অসম

ডিমা হাচাওত গিৰীয়েকে ব্লেডেৰে কাটি হত্যা কৰিলে পত্নীক

Posted by: নংগী তেৰাং Updated by: নংগী তেৰাং September 10, 2019 7:56 pm

ডিমা হাচাও জিলাৰ ডিয়ুংমুখ আৰক্ষী চকীৰ অধীনৰ বড়ো ৱাছলিং গাঁৱত সোমবাৰে (৯ ছেপ্টেম্বৰ) নিশা এজন লোকে নিজ পত্নীক নৃসংশভাৱে হত্যা কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে কালি নিশা পুকুন চৌহান নামৰ ব্যক্তিজনে তেওঁৰ পত্নী ৰীতা দেৱীক ব্লেডেৰে আক্ৰমণ চলায়। গিৰীয়েকৰ আক্ৰমণত ৰীতা দেৱীৰ দিঙিকে ধৰি শৰীৰৰ আন আন অংশত গুৰুতৰ আঘাত লাগে আৰু তেওঁ মৃত্যুক সাবটি লয়।

মহিলা গৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে পুকুন চৌহানে তেওঁৰ পত্নীক দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল।

আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী স্বামী চৌহানক গ্ৰেপ্তাৰ কৰিছে আৰু হত্যাকাণ্ড সন্দৰ্ভত তদন্ত চলাই আছে।

উল্লেখযোগ্য যে পাহাৰীয়া জিলাখনত যোৱা এটা মাহত উক্ত হত্যাকাণ্ডটোকে অনুৰূপ ধৰনে দুগৰাকীকৈ মহিলাক হত্যা কৰা হৈছে।

ইয়াৰ পূৰ্বে যোৱা ২২ আগষ্টত উমৰাংছোত জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত ৰোলী চাংমা নামৰ এগৰাকী মহিলাক তেওঁৰ স্বামী প্ৰদ্যুৎ চাংমাই অনুৰূপ ধৰণে হত্যা কৰিছিল।