NORTHEAST NOW (Assamese)

ঋতুচক্ৰৰ সময়ত মহিলা আৰক্ষী সকলে মাহেকত লাভ কৰিব এটাকৈ ছুটী : অৰুণাচল প্ৰদেশ চৰকাৰৰ সিদ্ধান্ত

November 16, 2024 6:36 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 18, 2024 7:14 pm

এতিয়াৰে পৰা মহিলা আৰক্ষী জোৱান সকলে ঋতুচক্ৰৰ সময়ত প্ৰতিমাহে এদিন ছুটী লাভ কৰিব। অৰুণাচল প্ৰদেশৰ আৰক্ষী বিভাগে মহিলা জোৱানসকলৰ বাবে বিশেষ বন্ধৰ দিন ঘোষণা কৰিছে।

ইটানগৰ অঞ্চলৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে বুধবাৰে এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰে।

বুধবাৰে প্ৰকাশিত চৰকাৰী অধিসূচনা অনুসৰি মহিলা আৰক্ষী জোৱানসকলে ঋতুচক্ৰৰ প্ৰথম বা দ্বিতীয় দিনা ছুটী ল’ব পাৰিব। এই ছুটীৰ বাবে কোনো ধৰণৰ দৰমহা কটা নহয়।

অৰ্থাৎ যিদিনা এগৰাকী মহিলা আৰক্ষী জোৱানে ছুটী ল’ব, সেইদিনা তেওঁলোকৰ ছুটীটো বন্ধ হিচাপে দিয়া হ’ব।

কিন্তু এই বিশেষ কাৰণত কোনো মহিলা জোৱানে এমাহত এদিনতকৈ অধিক ছুটী ল’ব নোৱাৰে।

মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে এই সিদ্ধান্ত লোৱা বুলিও অধিসূচনাত অৱগত কৰা হৈছে। আৰক্ষী বিভাগে আশা কৰিছে যে এই সিদ্ধান্তৰ ফলত মহিলা জোৱান সকল কামত অধিক সক্ৰিয় আৰু শক্তিশালী হ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে এই একেটা সিদ্ধান্তই যোৱা অক্টোবৰ মাহত উৰিষ্যা চৰকাৰে গ্ৰহণ কৰিছিল। ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী মহিলা কৰ্মচাৰীসকলৰ বাবে এমাহৰ ভিতৰত এদিনৰ ঋতুভিত্তিক ছুটীৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

Related News