NORTHEAST NOW (Assamese)

ধনশিৰিৰ বালিত পুতি থোৱা অৱস্থাত কুইণ্টলে কুইণ্টলে লালিগুৰ উদ্ধাৰ

February 25, 2019 9:51 pm · ৰিতুপল্লৱ শইকীয়া

গোলাঘাটত নৰসংহাৰ কৰা চুলাইৰ ভাতীৰ বিৰুদ্ধে আজি গোলাঘাটৰ কেইবাটা স্থানৰ ৰাইজে অভিযান চলাওঁতে ধনশিৰিৰ নৈ পাৰৰ বালিত পুতি থোৱা অৱস্থাত বহু কুইণ্টল লালিগুৰ, কেইবা হাজাৰ লিটাৰ অশোধিত চুলাই উদ্ধাৰ কৰে।

নামবৰ হাবিৰ কাষত হুৰহুৰীয়াৰ ধনশিৰিৰ বালিত এইবোৰ বস্তাত ভৰাই পুতি থোৱা আছিল। আনহাতে অশোধিত চুলাইবোৰ বালিত দ গাঁত খান্দি বৃহৎ ড্ৰামত দৰৱ দি গেলাই থোৱা অৱস্থাত আছিল।

এইবোৰৰ উপৰি চুলাইত ব্যৱহাৰ কৰা বিষাক্ত ঔষধৰ টোপোলাও নদীৰ বালিত পায় অভিযান চলোৱা পুৰুষ-মহিলাৰ দলটোৱে।

ৰিকুমনি ৰাজখোৱাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে গাঁত খান্দি খান্দি এইবোৰ বালিৰ পৰা উলিয়াই ধ্বংস কৰি পেলায়। মদ বনোৱা চালিখনো জ্বলাই দিয়ে পুৰুষ-মহিলাৰ দলটোৱে। বিষাক্ত ঔষধখিনি আৰক্ষীক গতাই দিয়ে।

ইপিনে চুলাই বেপাৰী তনু কোচক ধৰি ৰাইজে বৰপথাৰ আৰক্ষীক চমজাই দিয়ে।

আনহাতে মদমুক্ত বাহিনীৰ নমিতা হাজৰিকাৰ নেতৃত্বত দক্ষিণ হেংগেৰা আদি অঞ্চলত হাজাৰ হাজাৰ লিটাৰ মদ নষ্ট কৰা হয়। আজি জিলাখনৰ ৰঙামাটিকে ধৰি বিভিন্ন স্থানত বাহিনীটোৱে চুলাই মদৰ ঘাটিৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলে৷

Related News