NORTHEAST NOW (Assamese)

টীয়কত মাত্ৰ চাৰি দিনত পাঁচ হাজাৰ মাস্ক তৈয়াৰ কৰিলে এদল মহিলাই

April 10, 2020 3:04 pm · নিৰ্মলেন্দু পাঠক

বৰ্তমান সমগ্ৰ বিশ্ব ক’ৰণা ভাইৰাছৰ কৰাল গ্ৰাসত। কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচিবলৈ সকলোৱে এতিয়া মুখত মাস্ক পিন্ধা আৰম্ভ কৰিছে। যাৰ ফলত মাস্কৰ চাহিদা বৃদ্ধি পোৱাৰ বিপৰীতে ল’কডাউনৰ বাবে ইয়াৰ যোগান মুঠেই পৰ্য্যাপ্ত নহয়।

সেইবাবে অসম চৰকাৰে উক্ত নাটনি জোৰা মৰাৰ উদ্দেশ্যে স্থানীয় আত্মসহায়ক গোট সমূহক মাস্ক তৈয়াৰৰ দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছিল।

তেনে এক দায়িত্ব লৈ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ টীয়কৰ কলীয়াপানী উন্নয়ন খণ্ডৰ অধীনত খণ্ড প্ৰকল্প বিষয়া টুণটুণি বৰাৰ নেতৃত্বত মণ্ডল পয্যায়ৰ সংগঠনৰ ২২ টা আত্মসহায়ক গোটৰ ৪০ গৰাকী সদস্যাই মাত্ৰ চাৰিটা দিনত তৈয়াৰ কৰি উলিয়ালে ৫০০০খন মাস্ক।

উল্লেখযোগ্য যে এই মাস্কসমূহ তৈয়াৰ কৰাৰ পাছত সম্পূৰ্ণ বৈজ্ঞানিকভাৱে চেনিটাৰাইজ কৰি ৰ’দত সুকুৱাই কাগজেৰে মেৰিয়াই সাজু কৰি তোলা হৈছে।

Related News