NORTHEAST NOW (Assamese)
অসম

পৰম্পৰা ভাঙি সম্পূৰ্ণ মহিলা কৰ্মীৰে চলিল মালবাহী ৰে’ল; দেশবাসীয়ে জনালে অভিনন্দন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 10, 2021 8:43 am
Untitled-1-10

পৰম্পৰাগত ধাৰণাৰ বিপৰীতে এক নতুন ধাৰাৰ সূচনা কৰিলে ৱেষ্টাৰ্ণ ৰে’লে। চালকৰ পৰা আৰম্ভ কৰি গাৰ্ডলৈকে সকলো মহিলা কৰ্মীক লৈ মহাৰাষ্ট্ৰৰ পৰা গুজৰাটলৈকে সুদীৰ্ঘ পথ চলিল মালবাহী ৰে’ল।

মহাৰাষ্ট্ৰৰ ভাছাই ৰোডৰ পৰা গুজৰাটৰ ভদোদৰা অভিমুখে ৰাওনা হয় মহিলা কৰ্মীৰে পৰিচালিত মালবাহী ৰে’লখন।

দেশৰ সমগ্ৰ মহিলা সমাজৰ বাবে অনুপ্ৰেৰণাৰ উৎস এই কৃতিত্বৰ অধিকাৰী যি তিনিগৰাকী নাৰী, তেওঁলোক হৈছে কুমকুম ডোংৰি, উদিতা বৰ্মা আৰু আকাংক্ষা ৰাই। ছচিয়েল মিডিয়াত এই তিনিগৰাকী নাৰীক প্ৰশংসাৰে উপচাই পেলাইছে অসংখ্য লোকে।

মহিলাই সকলো কামেই কৰিব পাৰে সেইকথা আকৌ এবাৰ প্ৰমান কৰি দেখুৱালে মহিলা তিনিগৰাকীয়ে। তেওঁলোকৰ কৃতিত্বৰ বাবে ধন্যবাদৰ পাত্ৰ হ’ল ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলো।

ৱেষ্টাৰ্ণ ৰে’লৰ ফালৰ পৰা কৰা টুইটত কোৱা হৈছে,’’পাঁচ জানুৱাৰিত এখ মালবাহী ৰে’ল সকলো মহিলা কৰ্মী যেনে লোকো পাইলট, সহকাৰী লোকো পাইলট আৰু গাৰ্ডক লৈ চলোৱা হয়। তেওঁলোকে মুম্বাইৰ পৰা গুজৰাটৰ ভদোদৰাত উপস্থিতি হয়।‘’

ৱেষ্টাৰ্ণ ৰে’লৰ জেনেৰেল মেনেজাৰ আলোক কানসালে কয়,’’ৱেষ্টাৰ্ণ ৰে’লে পৰম্পৰাগত নিয়ম ভাঙি দিছে। নতুন ইতিহাস ৰচিছে। তেওঁলোকে প্ৰমান কৰিছে যে মহিলাই সকলো কামেই কৰিব পাৰে আৰু সেয়া দক্ষতাৰ সৈতে পালন কৰিবলৈ সক্ষম।‘’

আনহাতে, ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলে টুইট কৰি কয়,’’ আমাৰ মহিলাসকলে মহাৰাষ্ট্ৰৰ ভাছাই ৰোডৰ পৰা গুজৰাটৰ ভদোদৰালৈকে মালবাহী ৰে’ল দক্ষতাৰে পৰিচালনা কৰি সক্ষমতাৰ এক দুৰন্ত উদাহৰণ দাঙি ধৰিছে।‘’