NORTHEAST NOW (Assamese)
অসম

সামাজিক দূৰত্ব বজাই ৰখা নিৰ্দেশনাৰ ম্যাদ বৃদ্ধি নকৰো : ড’নাল্ড ট্ৰাম্প

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2020 1:02 pm
সামাজিক দূৰত্ব বজাই ৰখা নিৰ্দেশনাৰ ম্যাদ বৃদ্ধি নকৰো : ড’নাল্ড ট্ৰাম্প

আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰি থকাৰ সময়ত বুধবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফেডাৰেল চৰকাৰে বৃহস্পতিবাৰে সামাজিক দূৰত্বৰ নিৰ্দেশনাৰ ম্যাদ উকলি যোৱাৰ পাছত ইয়াক বৃদ্ধি নকৰে বুলি ঘোষণা কৰে।

ট্ৰাম্পৰ জোৱায়েক তথা উপদেষ্টা জাৰেদ কুছনাৰে জুলাইৰ ভিতৰত আমেৰিকাই পুনৰ সম্পুৰ্ণৰূপে মুৰ দাঙি উঠিব পাৰিব বুলি আশা ব্যক্ত কৰে।

কুছনাৰে মাৰ্কিন প্ৰশানৰ ক’ৰ’না ভাইৰাছ নিৰ্মূল কৰাৰ বাবে গ্ৰহণ কৰা কাৰ্য্যব্যৱস্থা সময়ত বৃহৎ সফলতাত পৰিণত হ’ব বুলিও লগতে উল্লেখ কৰে।

আনহাতে, ৰাষ্ট্ৰপতি ট্ৰাম্পে অহা সপ্তাহৰ পৰা আমেৰিকাত সকলো যাতায়ত পুনৰ মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰাৰ লগতে যিমান সোনকালে পাৰে ৰাষ্ট্ৰপতি নিৰ্বাচন সভাতো অংশগ্ৰহণ কৰিব বুলি কয়।

‘‘আশাকৰো আমি পুনৰ আগৰ দৰে ২৫০০০ মানুহে অংশগ্ৰহণ কৰা নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব পাৰিম কাৰণ সকলোৱে আমেৰিকাক ভাল পায়,’’ ৰাষ্ট্ৰপতি ট্ৰাম্পে পুনৰ কয়।

উল্লেখযোগ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী জ’ বিডেনে ট্ৰাম্পে আমেৰিকাৰ নিৰ্বাচন পিছুৱাবলৈ চেষ্টা কৰিব বুলি সমালোচনা কৰিছিল।