NORTHEAST NOW (Assamese)
Popular Stories

প্ৰচণ্ড জ্বৰ কাহ চৰ্দিত মুখ্যমন্ত্ৰীৰ NSG গ্ৰুপ কামাণ্ডাৰ; মুঠ ৭ কামাণ্ডক কোৱাৰেন্টাইন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 30, 2020 1:30 pm
23484688_1669829506416037_1332936422_o

বিশ্বজুৰি ক’ৰ’না বা কোভিড-১৯এ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে ৰাজ্যজুৰি ক’ৰ’নাৰ আতংকই সকলোকে খেদি থকাৰ সময়তে অন্য এক খবৰ আহি পৰিছে।

খবৰ অনুসৰি প্ৰচণ্ড জ্বৰ কাহ আৰু চৰ্দিত ভুগিছে মুখ্য মন্ত্ৰীৰ এজন NSG গ্ৰুপ কামাণ্ডাৰ।

আৰক্ষীৰ বিশেষ শাখাৰ এক সূত্ৰই আমাৰ সাংবাদিকক জনাইছে এই কথা।

বিশেষ সূত্ৰে জানিব পৰা মতে মঙ্গলবাৰৰ নিশা হঠাৎ জ্বৰ চৰ্দি হয় কামাণ্ডুজনৰ। তেওঁৰ ঘৰ উত্তৰাখণ্ডত বুলি জানিব পৰা গৈছে।

অৱশ্যে জ্বৰ, চৰ্দিত ভোগা বুলি গম পোৱাৰ লগে লগে হোম কোৱাৰেন্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হয় জোৱানজনক।

জোৱানজনৰ লগত থকা অন্য ৭ গৰাকী NSG কামাণ্ডুক কুৱাৰেন্টাইনত ৰখা হৈছে বুলি জানিব গৈছে।

কালি কামাণ্ডুজনৰ চেম্পল সংগ্ৰহ কৰিছে স্বাস্থ্য কৰ্মীয়ে। আজি তাৰ ফলাফল আহিব বুলি জানিব পৰা গৈছে।

এই খবৰে দিছপুৰৰ লগতে সচিবালয়ৰ সকলো কতৃপক্ষক শংকিত কৰিছে আৰু সকলোৱে ফলাফল নিগেটিভ অহাটো মনে প্ৰাণে কামনা কৰিছে।