NORTHEAST NOW (Assamese)

কৃষকৰ দাবী পূৰণ নোহোৱালৈকে চৰকাৰক শান্তিত থাকিবলৈ দিয়া নহ’ব : কৃষক নেতা ৰাকেশ টিকাইত

February 15, 2021 5:07 pm · এন ই নাও নিউজ

“কৃষকসকলে নিজৰ দাবীসমূহ পূৰণ নোহোৱালৈকে চৰকাৰক শান্তিত থাকিব নিদিয়ে’’- ভাৰতীয় কিশান ইউনিয়ন (বিকেইউ-ৰ নেতা ৰাকেশ টিকাইতে দেওবাৰে এইদৰে কয়।

হাৰিয়ানাৰ ইন্দ্ৰি শস্য বজাৰত কৃষকসকলৰ এখন মহাপঞ্চায়তত অংশ লৈ টিকাইটে কয় যে তেওঁলোকৰ ৪০ জন নেতাই কেন্দ্ৰৰ কৃষক আইনৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি আহিছ।

তদুপৰি তেওঁলোকে আন্দোলনটোক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশ ভ্ৰমণ কৰিব।

তেওঁ কয় যে যেতিয়ালৈকে চৰকাৰে কৃষকসকলৰ পক্ষ নলয় আৰু দাবীসমূহৰ স’তে মান্তি নহয়, তেতিয়ালৈকে চৰকাৰক শান্তিৰে বহি থাকিব নিদিয়ে।

তদুপৰি টিকাইতে কয় যে ৰাজহুৱা বিতৰণ ব্যৱস্থাটোক কৃষি আইনকেইখনে ধ্বংস কৰাৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ী, দৈনিক কৰ্মীসকলেও লোকচানৰ সম্নুখীন হ’ব।

চৰকাৰে বৃহৎ কৰ্পোৰেটগোষ্ঠীৰ বাবে কাম কৰি আছে বুলি অভিযোগ কৰি টিকাইতে কয় যে এই দেশত ক্ষুধাক লৈ ব্যৱসায় কৰিবলৈ দিয়া নহ’ব।

উল্লেখযোগ্য যে উত্তৰপ্ৰদেশৰ কৃষক নেতা ৰাকেশ টিকাইতে দিল্লীৰ গাজিপুৰ ব’ৰ্ডাৰত যোৱা দুমাহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে অবিৰত প্ৰতিবাদ কৰি আহিছে।

Related News