NORTHEAST NOW (Assamese)

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত বিশ্ব জৈৱ বৈচিত্ৰ দিৱস উদযাপন

May 22, 2019 4:56 pm · উত্তম শইকীয়া

আগশাৰীৰ বেচৰকাৰী সংগঠন কৰবেট ফাউণ্ডেচনৰ উদ্যোগত আজি বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত বিশ্ব জৈৱ বৈচিত্ৰ দিৱস পালন কৰা হয় ৷ মহাবিদ্যালয়খনৰ কাজিৰঙা অধ্যয়ন কেন্দ্ৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত আয়োজিত এই দিৱসত ছাত্ৰ-ছাত্ৰীৰ মাজত জৈৱ বৈচিত্ৰতা বিষয়ত চিত্ৰাংকন, ৰচনা, কবিতা আৰু ফটোগ্ৰাফৰ প্ৰতিযোগিতা আয়োজন কৰা হয় ৷

প্ৰতিযোগিতাৰ লগতে আজিৰ অনুষ্ঠানত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় আৰু চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷ কৰবেট ফাউণ্ডেচনৰ সমন্বয়ক দিব্যজ্যোতি শইকীয়াই আঁত ধৰা এই বিশেষ অনুষ্ঠানত জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈ আৰু গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াক সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ মানসী ফুকন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সহকাৰী বন সংৰক্ষক ঋতু পৱন বৰা, অৰুণ বিঘ্নেশ, বিদ্যুত বিকাশ বৰা, খণ্ড বন বিষয়া তৰুণ গগৈ, কাজিৰঙাৰ সাংবাদিক পলিমা চেতিয়া, চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা সঞ্জীৱ বৰা আৰু ফাল্গুন চেতিয়া আৰু কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডা৹ নবীন পাণ্ডে উপস্থিত থাকি জৈৱ বৈচিত্ৰতাৰ ওপৰত বক্তব্য আগবঢ়ায় ৷

অনুষ্ঠানতে বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে জৈৱ বৈচিত্ৰতাৰ ওপৰত নিৰ্মাণ কৰা তেওঁলোকৰ ছবি, ৰচনা, কবিতা আৰু ফটোগ্ৰাফৰ বৰ্ণনা কৰে ৷

Related News