NORTHEAST NOW (Assamese)
ক্ৰীড়া

বিশ্ব বক্সিং কাপ, ২০২৫ : ৯ টা সোণসহ ২০ পদকেৰে ইতিহাস ৰচনা ভাৰতীয় বক্সাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 24, 2025 5:12 pm
বিশ্ব বক্সিং কাপ, ২০২৫ : ৯ টা সোণসহ ২০ পদকেৰে ইতিহাস ৰচনা ভাৰতীয় বক্সাৰৰ

২০২৫ চনৰ বিশ্ব বক্সিং কাপৰ ফাইনেলত ইতিহাস সৃষ্টি কৰিলে ভাৰতীয় বক্সাৰ দলটোৱে। এই প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতে মুঠ ২০ টা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

ভাৰতে এই প্ৰতিযোগিতাত ৯টা সোণ, ৬টা ৰূপ, আৰু ৫টা ব্ৰঞ্জৰ পদক লাভ কৰে।

উল্লেখ্য যে ভাৰতে লাভ কৰা ৯টা স্বৰ্ণ পদকৰ ভিতৰত ৭টা স্বৰ্ণ পদক লাভ কৰিছে মহিলা বক্সাৰে। তেওঁলোক হৈছে – নিখাত জৰীণ, মিনাক্ষী হুদা, প্ৰীতি পাৱাৰ, অৰুন্ধতী চৌধুৰী, পাৰবীন হুডা, নুপুৰ শ্বেওৰাণ আৰু জেইছমিন লেম্বৰিয়া ।

পুৰুষৰ দলটোৰ শচীন ছিৱাচ আৰু হিতেশ গুলিয়াই সোণৰ পদক লাভ কৰে।