NORTHEAST NOW (Assamese)
অসম

আমি মহামাৰীৰ সামৰণিৰ কাৰণে সপোন দেখিব পাৰো; ভেকচিনক লৈ আশাবাদী বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 5, 2020 12:10 pm

বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ টেড্ৰ’ছ আধানম গেব্ৰিয়াছুছে বিশ্বত ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক সমূহৰ বিকাশত সন্তোষ প্ৰকাশ কৰিছে।

‘‘এতিয়া আমি মহামাৰীৰ সামৰণিৰ কাৰণে সপোন দেখিব পাৰো,’’ ক’ৰ’নাৰ প্ৰতিষেধকে পৰীক্ষামূলক পৰ্যায়ত দেখুওৱা ফলাফলৰ পাছত গেব্ৰিয়াছুছে এইদৰে কয়।

আনহাতে, বৰ্তমান সময়ত ক’ৰ’না মহামাৰী সমাপ্ত হোৱা বুলি বহুতে ভাবিবলৈ আৰম্ভ কৰা সন্দৰ্ভতো বিশ্ব স্বাস্থ্য সংস্থাই শংকা ব্যক্ত কৰিছে বুলি গেব্ৰিয়াছুছে লগতে কয়।

বিশ্বৰ ধনী দেশ সমূহে ক’ৰ’না ভেকচিনৰ দৌৰত দুখীয়া দেশ সমূহক পদদলিত কৰিব নালাগে বুলিও বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ গৰাকীয়ে কয়।

ইপিনে, ভেকচিন প্ৰস্তুত হৈ উঠিলেও গেব্ৰিয়াছুছে জনসাধাৰণক মাস্ক পৰিধান কৰি থকা আৰু হাত ধুই থকাটো জৰৰুী হিচাপে অভিহিত কৰে।

পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰ’নাৰ ভেকচিন প্ৰস্তুত হৈ উঠিব নে নুঠে সেই সন্দৰ্ভতো শংকা ব্যক্ত কৰিছিল।

পৰৱৰ্তী সময়ত ভাৰত, ইংলেণ্ড, আমেৰিকা, ৰাছিয়া, চীন আদি দেশত কোভিড ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আগবঢ়া গৱেষণাই জনসাধাৰণক মহামাৰী বিহীন পৃথিৱীত পুনৰ মুক্ত মনে বিচৰণ কৰাৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ কৰিছে।