NORTHEAST NOW (Assamese)

কোভিডৰ উৎপত্তিস্থলৰ সন্ধানত য়ুহানৰ ভাইৰাছ পৰীক্ষাগাৰ পৰিদৰ্শন বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলৰ

February 3, 2021 9:56 am · এন ই নাও নিউজ

কোভিড-১৯ৰ উৎপত্তিস্থলৰ সন্ধানত চীনৰ য়ুহান প্ৰদেশত উপস্থিত হোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটোৱে বুধবাৰে য়ুহানৰ ভাইৰাছ পৰীক্ষাগাৰত উপস্থিত হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰই কোভিডৰ সংক্ৰমণ হোৱা বুলি সন্দেহ কৰা য়ুহানৰ ইষ্টিটিউট অফ ভাইৰোলোজিৰ পৰীক্ষাগাৰ পৰিদৰ্শন কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে।

ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে য়ুহানৰ স্বাস্থ্য সুবিধা আৰু য়ুহানৰ সাগৰীয় বজাৰ পৰিদৰ্শন কৰিছিল।

য়ুহানৰ সাগৰীয় বজাৰৰ পৰাই কোভিডৰ গণ সংক্ৰমণ আৰম্ভ হোৱা বুলি বিভিন্ন দেশে অভিযোগ উত্থাপন কৰিছিল।

ইপিনে, বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটোৱে চীনত উপস্থিত হোৱাৰ পাছত বাধ্যতামূলক দুসপ্তাহৰ কোৱাৰেণ্টাইনত থকাৰ পাছত প্ৰথমে য়ুহানৰ এখন চিকিৎসালয় পৰিদৰ্শন কৰিছিল।

উক্ত চিকিৎসালয়খনতে কোভিড সংক্ৰমিত বিশ্বৰ প্ৰথম গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছিল।

পূৰ্বে চীন চৰকাৰে ভিছা সম্পৰ্কীয় বিভিন্ন বিষয় দেখুৱাই বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোক য়ুহানত প্ৰৱেশৰ বাবে অনুমতি দিয়া নাছিল।

ৰাষ্ট্ৰসংঘৰ মজিয়াত চীনৰ এনে ভূমিকাৰ পাছত তীব্ৰ সমালোচনা হোৱাত চীনে পৰৱৰ্তী সময়ত বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোক চীন ভ্ৰমণৰ অনুমতি প্ৰদান কৰিছিল।

Related News