NORTHEAST NOW (Assamese)

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ‘বিশ্ব বৌদ্ধিক সম্পদ দিৱস’ উদযাপন

April 28, 2023 11:54 am · এন ই নাও নিউজ, গুৱাহাটী

আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ২৬ এপ্ৰিল তাৰিখে “বিশ্ব বৌদ্ধিক সম্পদ দিৱস” উদযাপন কৰা হয়। এই উপলক্ষে বিশ্ববিদ্যালয়ৰ বৌদ্ধিক সম্পদ অধিকাৰ শাখা আৰু ইনষ্টিটিউশ্যন ইনভেশ্বন কাউন্সিলৰ যুটীয়া সহযোগত এখনি চেমিনাৰ অনুষ্ঠিত হয়

বৌদ্ধিক সম্পদ অধিকাৰ আৰু জনহিত সম্বন্ধিত” (ইণ্টেলেকচুৱেল প্ৰপ্ৰাৰটি ৰাইটচ এণ্ড পাব্লিক ইন্টাৰেস্ট কনচাৰ্ন) বিষয় সম্পৰ্কে অনুষ্ঠিত হোৱা চেমিনাৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নেচনেল লইউভাৰচিটি এণ্ড জুডিচিয়েল একাডেমীৰ সহযোগী অধ্যাপিকা ড: জুপি গগৈ।

ডঃ গগৈয়ে বৌদ্ধিক সম্পদ অধিকাৰৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱাৰ লগতে কয় যে বৰ্তমান প্ৰতিযোগিতামূলক বজাৰ অৰ্থনীতিত কপি ৰাইটছ , পেটেণ্ট, ট্ৰেডমাৰ্ক, ট্ৰেড চিক্ৰেট আদি বিষয়সমূহ গুৰুত্ব সহকাৰে লব লগা হৈছে৷ এই ক্ষেত্ৰত উদ্যমীসকলৰ বৌদ্ধিক সম্পদ আইন বিষয়ক জ্ঞান থকা নিতান্তই প্ৰয়োজন ।                

তেখেতে ভালেমান গঠন মূলক পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিশ্ব বৌদ্ধিক সম্পদ দিৱস ২০২৩ ৰ থীম — (মহিলা আৰু বৌদ্ধিক সম্পদ; তৰিৎ উদ্ভাৱন আৰু সৃজনশীলতা) ওমেন এণ্ড আই পি, একচেলাৰেটিং ইনভেশ্বন এণ্ড ক্ৰিয়েটিভিটিৰ বিষয়তো বিস্তৃত বক্তব্য ৰাখে।

শেষত অনুষ্ঠানত উপস্থিত থকা শিক্ষা গুৰু আৰু ছাত্ৰ ছাত্ৰীৰসকল সৈতে হোৱা উৎসুকতাপূৰ্ণ প্ৰশ্ন উত্তৰৰ দ্বাৰা চেমিনাৰখনৰ সফল সামৰণি পৰে।

Related News