NORTHEAST NOW (Assamese)

বিশ্বই ক’ৰ’নাৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে সন্ত্ৰাসবাদৰ ভাইৰাছ বিলোৱাত ব্যস্ত একাংশ : নৰেন্দ্ৰ মোদী

May 4, 2020 10:52 pm · এন ই নাও নিউজ
Updated: May 4, 2020 10:54 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে NAM দেশৰ এখন সন্মিলনত অংশ লৈ মানৱ সমাজে বৃহৎ সংকটৰ মুখামুখি কৰি আছে বুলি মন্তব্য কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে নাম নোলোৱাকৈয়ে পাকিস্তানক তীব্ৰ সমালোচনা কৰি কয় যে সমগ্ৰ বিশ্ব মহামাৰী ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে কোনোবাই সন্ত্ৰাসবাদ, ভুৱা বাতৰি আৰু ভিডিঅ’ৰ দৰে ভাইৰাছ সম্প্ৰসাৰণত ব্যস্ত আছে।

NAM দেশক সম্বোধন কৰি মোদীয়ে কয়, ‍‘ভাৰতীয় সভ্যতাই সমগ্ৰ বিশ্বকে এটা পৰিয়ালৰ দৰে ভাবে।  সংকটৰ সময়ত আমি ভাৰতীয় নাগৰিকৰ লগতে আন আন দেশকো সহায় আগবঢ়াইছো’।

তেওঁ লগতে কয় যে নিজৰ প্ৰয়োজনীয়তাৰ কথা বাদ দিও আমি ১২৩ খন দেশক বিভিন্ন ধৰণে চিকিৎসা সম্বন্ধীয় সাহায্য প্ৰদান কৰিছো।

উল্লেখ্য যে আজাৰবাইজানৰ ৰাষ্ট্ৰপতি তথা NAMৰ বৰ্তমানৰ অধ্যক্ষ ইলহাম আলীবেবৰ উদ্যোগত এই বৈঠকৰ আয়োজন কৰা হৈছিল। ১২০ খন উন্নয়নশীল দেশ NAMৰ অংশ।

Related News