NORTHEAST NOW (Assamese)
অসম

Most Expensive Tea: অবিশ্বাস্য! সোণতকৈয়ো চৰা, একাপ চাহৰ দাম ৭লক্ষাধিক টকা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 11, 2021 10:06 am
A cup of world expensive tea

Most Expensive Tea সোণতকৈয়ো চৰা চাহৰ দামৰ কথা কেতিয়াবা শুনিছেনে? যি চাহৰ এক গ্ৰামৰ দাম সোণৰ এক গ্ৰামতকৈ ৩০গুণতকৈয়ো অধিক। যাৰ একাপ চাহৰ দামেই ৭লাখ টকাতকৈয়ো বেছি।  

বিশ্বৰ অত্যন্ত দামী এই চাহৰ নাম ‘দ্য হোং পাও’। চীনৰ ফুজিয়ান প্ৰদেশৰ উয়ি পৰ্বতত উৎপাদন হয় অতি বিৰল প্ৰজাতিৰ এই চাহ।

কিন্তু এই চাহ ইমান মহাৰ্ঘ্য কিয়। ইয়াৰ আঁৰত নিশ্চিতভাৱে কিছু কাৰণ আছে।

সমগ্ৰ বিশ্বৰ ভিতৰত অকল চীনতহৈ এই চাহৰ ছয় ডাল গছ আছে। ইয়াৰ উৎকৃষ্ট গুণ তথা বিৰল হোৱাৰ বাবে ইয়াক চাহৰ ৰজা বুলি কোৱা হয়। তিনিশ বছৰ ধৰি চীনত এই চাহৰ খেতি হৈছে।

২০০৬চনত চীনৰ চৰকাৰে এই ছয় ডাল গছৰ বাবে ১১৭কোটি টকাৰ বীমা  কৰিছে। এই চাহ ১কেজিৰ দাম প্ৰায় ৮কোটি ৩০লাখ টকা।

Also Read: IPL Fight 2021: ‘কেপ্টেইন কুল’ৰ চমক! দিল্লীক হৰুৱাই ফাইনেলত চেন্নাই ছুপাৰ কিংছ

এই চাহত আছে ক্যাফিন, থিঅ’ফিলিন, পলিফেনলছ তথা ফ্ল্যাবোনয়ড। স্বাস্থ্যৰ বাবে এইবোৰ অত্যন্ত উপকাৰী।

এই চাহ নিয়মিত পান কৰিলে ছাল উজ্বল হৈ থাকে। বিশুদ্ধ পানীৰে মাটিৰ পাত্ৰত এই চাহ বনোৱা হয়। সুগন্ধিৰ বাবেও ইয়াৰ দাম ইমান বেছি।

স্বাভাৱিকতে এই চাহ পান কৰা ব্যক্তিসকলো ধনকুবেৰ হ’ব আৰু চাহ বুলি নহয়, মৰ্ত্যৰ অমৃত বুলিয়েই ইয়াক পান কৰিব।