NORTHEAST NOW (Assamese)

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল! ভাৰত নথকাৰ বাবে ৪৫ কোটি টকাৰ লোকচান ইংলেণ্ড ব’ৰ্ডৰ

March 12, 2025 10:24 am · এন ই নাও নিউজ, গুৱাহাটী

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম দুটা সংস্কৰণৰ ফাইনেল খেলিছিল ভাৰতে। তৃতীয়বাৰো ফাইনেলত উপনীত হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি আছিল টীম ইণ্ডিয়াৰ। কিন্তু শেষত ফাইনেলত উপনীত হ’ব নোৱাৰিলে টীম ইণ্ডিয়া। ইয়াৰ ফলত বৃহৎ ক্ষতিৰ সম্মুখীন হৈছে ইংলেণ্ড ক্রিকেট ব’র্ড।

সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি ভাৰতে ফাইনেল নেখেলাৰ বাবে ৪৫ কোটি টকা ব্যয় হ’ব ইংলেণ্ডৰ।

অহা ১১-১৫ জুনত লর্ডছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্রিকা।খেল অনুষ্ঠিত হ’বলগীয়া লৰ্ডছৰ খেলপথাৰখন মেৰিলিব’ন ক্রিকেট ক্লাব (এম চি চি)ৰ অধীনস্থ। মেৰিলিব’ন ক্লাবেই সকলো মেচৰ আয়োজন কৰে। কেৱল সেয়াই নহয়, টিকটৰ দামো তেওঁলোকে নির্ধাৰণ কৰে।

ভাৰত ফাইনেলত উপনীত হ’ব বুলি টিকটৰ দাম বহু বেছি ধার্য কৰা হৈছিল। কিন্তু এতিয়া লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে ইংলেণ্ড ব’ৰ্ড। এমচিচিৰ বহু সদস্যই ইতিমধ্যে টিকট ক্ৰয় কৰিছে।

তেওঁলোকে পূর্বনির্ধাৰিত মূল্যৰ বিনিময়তে টিকট কিনিছে। ইয়াৰ পাছতে টিকটৰ দাম হ্ৰাস কৰা হৈছে। ফলত যিসকলে পূর্বে টিকট ক্রয় কৰিছিল, তেওঁলোকক বর্ধিত মূল্যৰ পৰিমাণ ওভতাই দিব লাগিব বুলি জানিব পৰা গৈছে।

Related News