NORTHEAST NOW (Assamese)

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

January 25, 2021 8:21 pm · এন ই নাও নিউজ

ইণ্টাৰনেশ্যেল ক্ৰিকেট কাউন্সিল চমুকৈ আই চি চিৰ দ্বাৰা আয়োজিত টেষ্ট চেম্পিয়নশ্বিপৰ পূৰ্বে নিৰ্ধাৰিত ফাইনেল মেচখনৰ তাৰিখত কিছু সাল-সলনি ঘটোৱা হৈছে।

১০ জুনৰ পৰা খেলিবলগীয়া ফাইনেল মেচখন স্থগিত ৰাখি কিছুদিন পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে আই চি চিয়ে।

পূৰ্বে নিৰ্ধাৰিত তাৰিখতকৈ এসপ্তাহ পিছত ইংলেণ্ডৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব বুলি সোমবাৰে আই চি চিয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, বিচিচিআইয়ে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত আই পি এলৰ আয়োজন কৰিব।

এতিয়ালৈকে সময়সূচী নিৰ্ধাৰণ কৰা নাই যদিও আই পি এলৰ ফাইনেল আৰু টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচ দুখন প্ৰায় একে সময়তে হ’ব পাৰে বুলি আই চি চিয়ে অনুমান কৰিয়েই এই সিদ্ধান্ত লয়।

ইয়াৰ উপৰি টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ অংশীদাৰ হোৱাৰ প্ৰৱল সম্ভাৱনা আছে ভাৰতীয় দলৰ আৰু কোৱাৰেণ্টাইনৰ নীতি-নিয়মত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আই চি চিয়ে ফাইনেলৰ সময়সূচী এসপ্তাহ পিছুৱাই দিয়ে।

উল্লেখ্য যে পূৰ্বে ১০ জুনৰ পৰা ১৪ জুনৰ ভিতৰত ফাইনেল মেচখন হোৱাৰ কথা আছিল যদিও এতিয়া ১৮ৰ পৰা ২২ জুনৰ ভিতৰত অনুষ্ঠিত হ’ব।

বৰ্তমান ৪৩০ অংকৰে ভাৰত আই চি চিৰ টেষ্ট ৰেংকিঙৰ শীৰ্ষত আৰু ৪২০ অংকৰে নিউজিলেণ্ড দ্বিতীয় স্থানত আছে।

Related News