NORTHEAST NOW (Assamese)

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

January 25, 2021 4:28 pm · এন ই নাও নিউজ

মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাতা তথা বিশ্বৰ তৃতীয় ধনী ব্যক্তি বিল গেইটছে কোভিড ভেকচিনৰ প্ৰথমটো টিকা গ্ৰহণ কৰে।

‘‘৬৫ বছৰীয়া হোৱাৰ ক্ষেত্ৰত মই লাভ কৰা সুবিধাটো হৈছে মই কোভিড ভেকচিন গ্ৰহণ কৰাৰ বাবে যোগ্য বিবেচিত হৈছো। মই প্ৰথমটো টিকা গ্ৰহণ কৰিলো আৰু ভেকচিন গ্ৰহণ কৰি সুখ অনুভৱ কৰিছো,’’ বিল গেইটছে ভেকচিন গ্ৰহণ কৰাৰ পাছত এইদৰে কয়।

‘‘সকলো বিজ্ঞানীলৈ, নিৰ্দেশক, স্বেচ্ছাসেৱক আৰু স্বাস্থ্য কৰ্মী সকলক আন্তৰিক ধন্যবাদ,’’ বিল গেইটছে লগতে কয়।

কোভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছতে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক গৰাকীয়ে বিশ্বৰ নীতি-নিৰ্ধাৰক সকলৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত আছিল।

বিল গেইটছে কোভিড নিয়ন্ত্ৰণৰ উপৰিও ভাৰতে গ্ৰহণ কৰা ল’কডাউন নীতিৰ ক্ষেত্ৰতো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিছিল।

Related News