NORTHEAST NOW (Assamese)

Flying Bike: বিশ্বৰ প্ৰথম ‘উৰন্ত বাইক’ওলাল; ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত নেট বিশ্ব

September 18, 2022 12:46 pm · এন ই নাও নিউজ, গুৱাহাটী

World’s first flying bike makes its debut উৰন্ত গাড়ীৰ ধাৰণাটো ইতিমধ্যে সাধাৰণ মানুহে বুজি উঠিছে। কিন্তু এইবাৰ পৃথিৱীৰ প্ৰথমখন উৰন্ত বাইক মুকলিকৈ দেখা গ’ল। এই উৰন্ত বাইকখন আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা গৈছে। নেটিজেনসকলে ভাইৰেল ভিডিঅ’টো চোৱাৰ পিছত ষ্টাৰ ৱাৰ্ছৰ দ্ৰুত বেগী বাইকখনৰ কথাকে তেওঁলোকক মনত পেলাই দিছে পৃথিৱীৰ এই প্ৰথমখন উৰন্ত বাইকে।

জাপানী ষ্টাৰ্ট-আপ AERWINS Technologies-য়ে নিৰ্মাণ কৰি উলিয়াইছে এই hoverbike। এই হোভাৰবাইকখনৰ আত্মপ্ৰকাশ ঘটিছে ডেট্ৰয়েট অটো শ্ব’ (Detroit Auto Show)ত। এই উৰন্ত বাইকখনৰ এটা ভিডিঅ’ ইতিমধ্যে পোহৰলৈ আহিছে। ভিডিঅ’টো টুইটাৰত ভাইৰেল হৈ পৰিছে আৰু সকলোৱে ইয়াক দেখি আচৰিত হৈ পৰিছে। পৃথিৱীৰ এই প্ৰথমখন উৰন্ত বাইকৰ নাম হৈছে XTURISMO hoverbike।

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে বাইকখন সঁচাকৈয়ে শূন্যত উৰি আছে। তাৰপিছত বাইকখন পুনৰ অৱতৰণ কৰা দেখা গৈছে। বাইকখন শূন্যত ভাঁহি থকা দেখা গৈছিল। তাৰ পিছত ই অলপ ইফালে-সিফালে উৰি সফলতাৰে অৱতৰণ কৰিছিল। পৃথিৱীৰ প্ৰথমখন উৰন্ত বাইক দেখি সকলোৱে আচৰিত হৈছে।

জানিব পৰা গৈছে যে এই উৰন্ত বাইকখন ৪০ মিনিটৰ বাবে উৰিব পাৰে আৰু ইয়াৰ  সৰ্বাধিক গতি বেগ ঘণ্টাত ৬২ মাইল। জাপানত ইতিমধ্যে বাইকখনৰ বিক্ৰী আৰম্ভ হৈছে। বাইকখন অহাবছৰ আমেৰিকা যুক্তৰাষ্ট্ৰত বিক্ৰী হ’ব বুলি আশা কৰা হৈছে।

পৃথিৱীৰ প্ৰথমখন উৰন্ত বাইক বা ফ্লাইং বাইকাৰৰ মূল্য হ’ব 777,000 মাৰ্কিন ডলাৰ  অৰ্থাৎ প্ৰায় ৬ কোটি ১লাখ ৩৮ হাজাৰ। ভাইৰেল ভিডিঅ’টোত বাইকখনৰ সকলো সুবিধা দেখুওৱা হৈছে। এনেকুৱা এখন উৰন্ত বাইক আগতে কেতিয়াও দেখা যোৱা নাছিল।

এই উৰন্ত বাইকখন আমেৰিকা যুক্তৰাষ্ট্ৰত ২০২৩ চনত আমেৰিকাত মুকলি হ’বলৈ গৈ আছে। অৱশ্যে,এই বাইকখন ভাৰতত মুকলি কৰা হ’ব নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। গাড়ী প্ৰেমীসকলে ভিডিঅ’টো চাইয়েই উৎসাহিত হৈ পৰিছে। বাস্তৱত যদি এই বাইকখন মুকলি হয় তেন্তে উন্মাদনা যে কিমান বৃদ্ধি হ’ব সেয়া সহজেই অনুমেয়।

Related News