NORTHEAST NOW (Assamese)

আততায়ীৰ হত্যাৰ বলি হ’ল নিজকে ‘সমকামী’ বুলি মুকলিকৈ পৰিচয় দিয়া বিশ্বৰ প্ৰথমগৰাকী ইমাম মুহচিন হেণ্ড্ৰিক্স

February 16, 2025 8:31 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 16, 2025 8:33 pm

দক্ষিণ আফ্ৰিকাৰ গেকবেৰহা চহৰত শনিবাৰে গুলীয়াই হত্যা কৰা হয় নিজকে সমকামী বুলি মুকলি পৰিচয় দিয়া বিশ্বৰ প্ৰথমজন ইমাম মুহচিন হেণ্ড্ৰিক্সক।

আৰক্ষীয়ে জনোৱা মতে, তেওঁ আন এজন ব্যক্তিৰ সৈতে এখন গাড়ীত বহি থকা অৱস্থাত তেওঁলোকক আন এখন গাড়ীত অহা দুৰ্বৃত্তই গুলীচালনা কৰে।

ইষ্টাৰ্ণ কেপ বাহিনীয়ে এক বিবৃতিত কয় যে, ‘মুখ ঢাকি থোৱা দুজন অচিনাকি লোকে গাড়ীখনৰ ওপৰত একাধিক গুলীচালনা কৰে।

ঘটনাৰ পিছতে অভিযুক্তই পলায়ন কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

দ্য গাৰ্ডিয়ানে প্ৰকাশ কৰা অনুসৰি হেণ্ড্ৰিক্সে সমকামী আৰু অন্যান্য প্ৰান্তীয় মুছলমানসকলৰ বাবে নিৰাপদ আশ্ৰয়স্থল হিচাপে এটা মছজিদ পৰিচালনা কৰিছিল।

ইফালে আন্তঃৰাষ্ট্ৰীয় লেচবিয়ান, গে, বাইচেক্সুৱেল, ট্ৰেন্স আৰু ইন্টাৰচেক্স এছচিয়েশ্যনে এই হত্যাকাণ্ডক ধিক্কাৰ দি প্ৰতিবাদ সাব্যস্ত কৰিছে।

আৰবী ভাষাৰ শিক্ষক আৰু ফেশ্বন ডিজাইনাৰ হিচাপে কাম কৰা হেণ্ড্ৰিক্সৰ বয়স আছিল ২৯ বছৰ। মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা তেওঁ এগৰাকী মহিলাক বিয়া কৰাইছিল আৰু সন্তানো জন্ম দিছিল। তাৰ পিছত পিতৃৰ মৃত্যুৰ আঠ বছৰৰ পাছত পৰিয়ালৰ আগত নিজৰ যৌন পৰিচয় প্ৰকাশ কৰি বিবাহ বিচ্ছেদ কৰিছিল।

Related News