NORTHEAST NOW (Assamese)

ভাৰতত অতি শীঘ্ৰে মুকলি হ’ব বিশ্বৰ সবাতোকৈ ওখ ৰেইল দলং

January 10, 2020 1:21 pm · এন ই নাও নিউজ
ফটো : ফাইনেন্সিয়েল এক্সপ্ৰেছ

কাশ্মীৰত নিৰ্মাণ হৈ থকা বিশ্বৰ সবাটোকৈ ওখ ৰেইল দলংখনৰ কাম অহা বছৰৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ শেষ সময়সীমা বন্ধি দিছে চৰকাৰে। দলংখনে কাশ্মীৰক দেশৰ অন্য প্ৰান্তৰ সৈতে সংযোগ কৰিব।

ফ্ৰান্সৰ ৰাজধানী আইফেল টাৱাৰৰ তুলনাত কাশ্মীৰত নিৰ্মাণ হৈ থকা ৰেইল দলংখন ৩৫ মিটাৰ ওখ।

স্বাধীনতাৰ পিছৰ পৰা ভাৰতীয় ৰেইলৱেৰ বাবে এই প্ৰকল্পটো সৰ্বাধিক কঠিন বুলি অভিহিত কৰি কনকান ৰেইলৱেৰ সঞ্জয় গুপ্তা নামৰ এগৰাকী বিষয়াই কয়, ‘ৰেইলৱেৰ দীঘলীয়া ১৫০ বছৰীয়া ইতিহাসত এইটোৱে সৰ্বাধিক কঠিন প্ৰকল্প। পৃথিৱীৰ সবাতোকৈ ওখ ৰেইল দলং, ২০২১ চনৰ ডিচেম্বৰৰ ভিতৰত দেশৰ অন্য প্ৰান্তৰ সৈতে কাশ্মীৰক ৰেইলেৰে সংযোগ কৰা হ’ব’।

চিনাব নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এই দলংখন ৩৫৯ মিটাৰ (১,১৭৭ ফুট) ওখ আৰু ইয়াৰ নিৰ্মাণত ৫,৪৬২ টন ষ্টিল ব্যৱহাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।

এই দলংখন সম্পূৰ্ণ হোৱাৰ পাছত বৰ্তমান চীনৰ বেইপানজিয়াং নদীৰ ওপৰত থকা বিশ্বৰ সবাতোকৈ ওখ চুইবাই ৰেইল দলং (২৭৫ মিটাৰ)ৰ ৰেকৰ্ড ভংগ কৰিব।

কাশ্মীৰত নিৰ্মাণ হৈ থকা দলংখনে বাৰামুলাক জম্মুৰ সৈতে সংলগ্ন কৰিব। বৰ্তমান বাৰামুলাৰ পৰা জম্মুলৈ যাত্ৰা কৰিবলৈ হ’লে ১৩ ঘণ্টাৰ সময়ৰ প্ৰয়োজন হয়। কিন্তু দলংখন সম্পূৰ্ণ হ’লে দূৰত্ব প্ৰায় আধা হ’ব।

উল্লেখ্য যে এই দলংখনৰ নিৰ্মাণৰ কাম ২০০২ চনতে আৰম্ভ কৰা হৈছিল। সুৰক্ষাজনিত তথা অন্যান্য কাৰণত ২০০৮ চনত ইয়াৰ নিৰ্মাণ দুবছৰৰ বাবে বন্ধ ৰখা হৈছিল। দলংখন নিৰ্মাণত প্ৰায় ৯ কোটি ২০ লাখ য়ু এছ ডলাৰ খৰচ হ’ব বুলি ধাৰণা কৰা হৈছে।

Related News