NORTHEAST NOW (Assamese)

ক’ভিদৰ প্ৰাদুৰ্ভাৱ! বন্ধ কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স বজাৰ

August 29, 2022 6:31 pm · এন ই নাও নিউজ, গুৱাহাটী

ক’ভিদ মহামাৰীৰ গ্ৰাসৰ পৰা এতিয়াও মুক্ত হোৱা নাই পৃথিৱীৰ বহুতো দেশ। ক’ভিদৰ উৎপত্তিস্থল চীনতো হ্ৰাস পোৱা নাই কৰ’ণাৰ সংক্ৰমণ। দেশখনৰ বহুতো চহৰত ক’ভিদৰ সংক্ৰমণ ক্ৰমশ বৃদ্ধি পাইছে।

এনে বহু অঞ্চলত কৰ’ণা ভাইৰাছ সংক্ৰমণৰ বৃদ্ধি পোৱাৰ পিছত তাৎক্ষণিকভাৱে সাৱধানতা অৱলম্বন কৰা হৈছে। ক’ভিদৰ ফলত প্ৰভাৱান্বিত হৈছে চীনত থকা বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স বজাৰো।

চীনৰ দক্ষিণ চহৰ শ্বেনঝেনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স বজাৰ হুয়াকিয়াংবেই ক’ভিদ-১৯ ৰ প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে।

চীনৰ হুয়াকিয়াংবেই ইলেক্ট্ৰনিক্স বজাৰ অঞ্চলৰ স্বাস্থ্য বিষয়াসকলে পৰীক্ষাৰ সময়ত কৰ’ণাৰ লক্ষণ থকা ৯ গৰাকী ৰোগী চিনাক্ত কৰিছে।

প্ৰতিবেদন অনুসৰি, বিশাল অঞ্চলটোৰ তিনিটা মুখ্য অট্টালিকা অহা ২ ছেপ্টেম্বৰলৈকে বন্ধ থাকিব। এই অট্টালিকা কেইটাত মাইক্ৰ’চিপ, টেলিফোনৰ অংশ আৰু অন্যান্য বৈদ্যুতিক উপাদান বিক্ৰী কৰা হাজাৰ হাজাৰ ষ্টল আছে।

হুয়াকিয়াংবেই ইলেক্ট্ৰনিক্স বজাৰৰ লগতে প্ৰদেশখনৰ ২৪ টা মেট্ৰ’ ষ্টেচনত ৰে’ল সেৱাও স্থগিত ৰখা হৈছে।

Related News