NORTHEAST NOW (Assamese)

ভাৰতত থাকিলে নোবেল বঁটা নাপালোহেঁতেন : অভিজিৎ বেনাৰ্জীৰ বিস্ফোৰণ

January 27, 2020 9:54 am · এন ই নাও নিউজ
অৰ্থনীতিৰ নোবেল বিজয়ী অভিজিৎ বিনায়ক বেনাৰ্জী।

২০১৯ বৰ্ষত অৰ্থনীতিৰ নোবেল বঁটা প্ৰাপক অভিজিৎ বেনাৰ্জীয়ে গণতন্ত্ৰ দিৱসৰ দিনাই কৰা এক মন্তব্যই সৰৱ চৰ্চা লাভ কৰিছে।

দেশৰ ৭১তম গণতন্ত্ৰ দিৱসৰ দিনটোতে নোবেল বিজয়ী অৰ্থনীতিবিদ গৰাকীয়ে মন্তব্য কৰিছে,’’ভাৰতত থকা হ’লে নোবেল বঁটা নাপালোহেঁতেন।‘’

স্বাভাৱিকতে নোবেল বিজয়ী বেনাৰ্জীৰ এই মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত ঘটিছে।

অৰ্মত্য সেনৰ পাছত অৰ্থনীতিত নোবেল পোৱা অভিজিৎ বিনায়ক বেনাৰ্জীয়ে বিশ্বজুৰি দৰিদ্ৰতা দূৰীকৰণৰ দিশত ঐকান্তিক গৱেষণা কৰি তেওঁঁৰ পত্নী এস্থাৰ ডাফলো তথা মাইকেল ক্ৰেমাৰৰ সৈতে ২০১৯বৰ্ষৰ নোবেল বঁটা লাভ কৰে।

১৯৬১ চনত কলকাতাত জন্মগ্ৰহণ কৰা অভিজিৎ বিনায়ক বেনাৰ্জী কলকাতাৰ ছাউথ পইন্ট স্কুল, প্ৰেছিডেন্স কলেজ আদিত পঢ়াশুনা কৰাৰ পাছত ১৯৮৩ চনত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

হাৰ্ভাড বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি সম্পূৰ্ণ কৰা বেনাৰ্জী বৰ্তমান আমেৰিকাৰ প্ৰসিদ্ধ প্ৰতিষ্ঠান এম আই টিৰ ফুড ফাউণ্ডেশ্যনৰ অৰ্থনীতিৰ অধ্যাপক।

নোবেল বঁটা লাভ কৰাৰ পাছৰে পৰা অভিজিৎ বেনাৰ্জী বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰিছে।

দেওবাৰে মুম্বাইৰ এক সাহিত্যানুষ্ঠানত নোবেল বিজয়ী বেনাৰ্জীৰ এক মন্তব্যক কেন্দ্ৰ কৰি পুনৰ বিতৰ্কৰ সংষ্টি হৈছে।

অভিজিৎ বেনাৰ্জীয়ে কয়,’’ভাৰতত যোগ্যতাৰ অভাৱ নাই। কিন্তু সঠিক কাৰ্য পদ্ধতিৰ দৰকাৰ।‘’

তেওঁৰ মন্তব্যৰ বাখ্যা দি নোবেল বিজয়ী বেনাৰ্জীয়ে কয়,”সকলো সময়তে এজনৰ পক্ষে সকলো কাম কৰা সম্ভৱ নহয়। সকলোৰে সৈতে কাম কৰিলে বহুত সুবিধা হয়।‘’

ইয়াৰ পাছতে তেওঁৰ মন্তব্যক কেন্দ্ৰ কৰি বহু প্ৰশ্নৰ অৱতাৰণা কৰা হৈছে। আনকি এজন সমালোচকে মন্তব্য কৰিছে “তেওঁ মানি ল’লে নেকি যে তেওঁ ভাৰতীয় নহয়?’’

Related News