NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় এন্টি ড’পিং বডিৰ দ্বাৰা নিলম্বিত মল্লযুঁজাৰু বজৰং পুনিয়া

May 5, 2024 2:03 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 5, 2024 2:06 pm

নেশ্যনেল এণ্টি ড’পিং এজেন্সীয়ে মল্লযুঁজাৰু বজৰং পুনিয়াক অনিৰ্দিষ্টকাললৈ নিলম্বন কৰিছে৷উক্ত পদক্ষেপে চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া পেৰিছ অলিম্পিকত অংশগ্ৰহণৰ বাবে পুনিয়াৰ প্ৰচেষ্টাক বিপদত পেলাব পাৰে। সূত্ৰ অনুসৰি পুনিয়াই ১০ মাৰ্চত সোণিপটত বাছনি পৰীক্ষাৰ বাবে প্ৰস্ৰাৱৰ নমুনা যোগান ধৰাত ব্যৰ্থ হোৱাৰ বাবে নাডাই তেওঁক ভৱিষ্যতৰ কোনো অনুষ্ঠানত অংশগ্ৰহণৰ পৰা নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰে।

অভিযোগৰ ভিত্তিত নিলম্বনৰ পাছতে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা পুনিয়াক চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া বাছনি পৰীক্ষাত অংশগ্ৰহণৰ পৰা বাধা দিয়াৰ সম্ভাৱনা আছে।উল্লেখ্য যে ৬৫ কেজি শাখাত এতিয়ালৈকে কোনো ভাৰতীয়ই অলিম্পিক কোটা লাভ কৰিবলৈ সক্ষম হোৱা নাই।

অহা ৯ মে’ত ইস্তানবুলত আৰম্ভ হ’বলগীয়া বিশ্ব কোৱালিফায়াৰত ভাৰতক প্ৰতিনিধিত্ব কৰিব সুজিত কলকলে।

Related News