NORTHEAST NOW (Assamese)
অসম

অসমীয়া আৰু বড়ো ভাষাত ক্ৰমে সঞ্জীৱ পল ডেকা আৰু ৰুজাব মুছাহাৰীলৈ ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 14, 2019 4:03 pm
Sahitya Academy youth puraskar

সাহিত্য অকাডেমীয়ে আজি ২০১৯ বৰ্ষৰ বিভিন্ন ভাষাৰ বাবে সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ ঘোষণা কৰে। আজি ঘোষণা কৰা ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ পুৰস্কাৰত অসমৰ তৰুণ প্ৰতিভাৱান গল্পকাৰ সঞ্জীৱ পল ডেকাই তেওঁৰ ‘এই পিনে কি আছে ?’ গ্ৰন্থৰ বাবে অসমীয়া ভাষাত যুৱ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

অসমীয়া সাহিত্যৰ নতুন চাম লেখৰ ভিতৰত অন্যতম শক্তিশালী গল্পকাৰ সঞ্জীৱ পল ডেকাই বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে অধ্যাপনা কৰি থকাৰ লগতে নিয়মীয়াভাৱে সাহিত্য চৰ্চাত ব্ৰতী হৈ আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী সঞ্জীৱ পল ডেকাৰ জন্ম হৈছিল দৰং জিলাৰ দিঘীৰপাৰ গাঁৱত।

আনহাতে, বড়ো ভাষাত ৰুজাৱ মুছাহাৰীয়ে ‘চানশ্ৰী আৰৌ মোনডাংথিনি মাওখাং’ কবিতা পুথিৰ বাবে সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লভা কৰিবে।

উল্লেখযোগ্য যে, আজি সাহিত্য অকাডেমীয়ে হিন্দী, ইংৰাজীকে ধৰি মুঠ তেইশটা ভাষাত সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ ঘোষণা কৰে। একাডেমীয়ে মিথালী ভাষাৰ বাবে পৰৱৰ্তী সময়ত পুৰস্কাৰ ঘোষণা কৰিব।

হিন্দীত ‘বাঘ ঔৰ চুংগা মুণ্ডা কি বেটী’ কবিতা পুথিৰ বাবে অনুজ লুগুন, ইংৰাজীত ‘দিৱালী ইন মুজাফৰনগৰ’ চুটি গল্পৰ বাবে তনুজ চোলাংকী, বেংগলীত ‘কুন্তাল ফিৰে আছে’ উপন্যাসৰ বাবে মৌমিতাই সাহিত্য অকাডেমীৰ যুৱ পুৰস্কাৰ লাভ কৰে।