NORTHEAST NOW (Assamese)

বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত ‘লেখক দিৱস’ উদযাপন

September 9, 2021 10:12 am · প্ৰণৱ কুমাৰ ডেকা
Updated: September 9, 2021 10:13 am

বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ‍্যোগত শেহতীযাকৈ পুৰণি বঙাইগাঁওৰ নিয়তি সংঘত ‘লেখক দিৱস’ পালন কৰা হয়।

বিয়লি ৩ বজাত আৰম্ভ হোৱা কাৰ্যসূচীৰ প্ৰথমে  প্ৰয়াত যুৱ সাংবাদিক তথা লেখক প্ৰকাশ দাসৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে লেখক তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰিধন ডেকাই ৷

শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি তেওঁ কয় যে সাহিত্য হ’ল  জাতিৰ দাপোন ৷ এই সত্য উপলব্ধি  কৰিছিল আমাৰ সকলোৰে পূজ্য অসমৰ স্বণামধন্য সাহিত্যিক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৷ সঁচা কথা ৷ সাহিত্যৰ স্বৰূপ স্বচ্ছ আৰু সুন্দৰ নহলে এটা জাতিৰ কৃষ্টি – সংস্কৃতি , মানৱীয় চিন্তা- ভাৱনা সমৃদ্ধ নিকা প্ৰতিচ্ছবিখনিৰ প্ৰতিফলন বিকৃত ৰূপত প্ৰকাশ পোৱাটো অস্বাভাৱিক  নহয় ৷

তেতিয়া বিশ্ববাসীৰ সন্মুখতো জিলিকি উঠিব সেই একেখনি বিকৃত প্ৰতিচ্ছবি, সেই  জাতিৰ সত্য – সুন্দৰ সাহিত্য সৃষ্টিৰ অভাৱতে ৷ তেওঁ অসমীয়া সাহিত্যৰ লেখনিৰে সমৃদ্ধ দিশটো আঙুলিয়াই দিও বক্তব্য দিয়ে।

ইয়াৰ পিছত অনুষ্ঠিত হয় এখন আলোচনাচক্ৰ ৷ আলোচনা চক্ৰত সভাপতিত্ব কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰে। অনুষ্ঠানৰ  আঁত ধৰি বঙাইগাঁও জিলা সাহিত্য সভাৰ সম্পাদক বিনোদ কুমাৰ বৰ্মণে  বিশিষ্ট ব‍্যক্তিসকলক কাৰ্যনিৰ্বাহক সদস্য পূৰ্ণিমা চৌধুৰীৰ সহযোগত আদৰণি জনায়।

সম্পাদক বৰ্মণে লেখক দিৱসৰ উদ্দেশ্য বাখ্যা কৰি বঙাইগাঁও জিলাৰ প্ৰবীণ-নবীন সকলো লেখক তথা সৃষ্টিশীল লেখনিৰে সাহিত্য ক্ষেত্ৰত ৰাইজক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে প্ৰাক্তন অসম প্ৰশাসনিক বিষয়া ৰোহিনী কুমাৰ চৌধুৰীয়ে অসমৰ সাহিত্যৰ বিভিন্ন দিশ, বঙাইগাঁও জিলাৰ বিভিন্ন লেখক, সত্ৰ সমূহৰ লিখনি তথা ইংৰাজী সাহিত্যৰ প্ৰসংগত লেখা আদি বিষয়ত গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে।

সেইদৰে  সুলেখিকা অৰুণা চক্ৰৱৰ্তীয়ে অসমীয়া সাহিত্যৰ চুটি গল্পৰ ওপৰত বিশদ আলোচনা কৰে। চুটিগল্পই পঢ়ুৱৈৰ মাজত আলোড়িত কৰিবলৈ হাস্যৰস, কৰুণ ৰস আদিৰ সহায়ত কিদৰে সমাজৰ প্ৰতিটো দিশে চিন্তা কৰিবলৈ সক্ষম হয় তাৰ ওপৰত বাখ্যা আগবঢ়ায়। বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অজিত কুমাৰ দাসে বক্তব্যত কয় যে অসমীয়া সাহিত্য শংকৰী যুগৰ পৰা সত্ৰ আদিৰ জৰিয়তে চৰ্চা হৈ বিকশিত হয়।

মাজতে বাংলা ভাষাৰ অগ্ৰাসন তথা ইংৰাজৰ অৱহেলাত অসমীয়া ভাষা এলাগী হয় যদিও অসমীয়া ত্ৰিমূৰ্ত্তি সকলে জোনাকী যুগৰ পৰা অব্যাহত ৰখা প্ৰচেষ্টাৰ ফলস্বৰূপে এতিয়াৰ অসমীয়া ভাষা সবল হৈছে। আলোচনাত অংশগ্ৰহণ কৰি অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰী অধ‍্যাপক বলেন সিংহই তেওঁৰ কাব্য সাহিত্য চৰ্চাৰ লগতে সাহিত্যৰ বাবে অন্তৰৰ দৃষ্টিৰে সমাজক লক্ষ্য কৰা আৰু অধ্যয়ণৰ কথা উল্লেখ কৰে।

আনহাতে বলোৰাম ৰায়ে পুৰণি বঙাইগাঁও শাখা গঠনত অগ্ৰণী ভূমিকা লৈ অসম সাহিত্য সভাৰ শাখা গঠন কৰি এই অঞ্চলত সাহিত্য চৰ্চাৰ দিশ আগুৱাই নিয়াৰ লগতে যোগাসনৰ ওপৰত লেখনিৰে সমৃদ্ধ নিজৰ সৃষ্টিৰ উল্লেখ কৰে।

কবি মনুচাঁদ সিংহই তেওঁৰ কবিতাৰ বাস্তৱ ধৰ্মীতা আৰু কল্পনা ৰহিত লেখনিৰ কথা উল্লেখ কৰি নতুনকৈ লেখক সকলক বাস্তৱৰ অনুধাৱন কৰিবলৈ এটি স্বৰচিত কবিতা পাঠ কৰি আহ্বান জনায়। বঙাইগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি বিক্ৰম মেধিয়ে লেখক দিৱসত চমুকৈ দুআষাৰ কয়। কবি শকুন্তলা চৌধুৰীয়ে হীৰুদাৰ ভাষাৰে কবিতা সন্দৰ্ভত কবিতা সৃষ্টি কি সেয়া প্ৰকাশ কৰে।

তেওঁ স্বৰচিত অনুগল্প এটি পাঠ কৰি সকলোকে আপ্লুত কৰে। লেখিকা, গীতিকাৰ ৰাণী দেৱীয়ে নিজৰ প্ৰতিটো দিনেই কবিতা লিখি প্ৰায় ৫০০০ কবিতা লিখা কথাটো উল্লেখ কৰি স্বৰচিত কবিতা আবৃত্তি আৰু গীত পৰিৱেশন কৰে।

বঙাইগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি লীনা সিংহই কয় যে কৃষ্টি-সংস্কৃতিৰ ৰক্ষা কৱচ হৈছে সাহিত্য। নিয়তি সংঘৰ উপদেষ্টা, নাট‍্যকাৰ দীনবন্ধু ৰায়ে সংঘৰ ইতিহাস ৰোমন্থন কৰি পুৰণি বঙাইগাঁওৰ প্ৰবীণ কবি শশীমোহন ভাওৰীয়াৰ স্মৃতি উল্লেখ কৰে।

সভাত উপস্থিত থাকে সমাজসেৱী গিৰিশ বৰুৱা, প্ৰবীন বৰ্মণ তথা নিয়তি সংঘৰ সদস্য বৃন্দ।

সভাপতিৰ ভাষণত ৰমলা ৰায় সৰকাৰে সকলোৰে বক্তব্যৰ জৰিয়তে সামগ্ৰিক ভাৱে লেখক সকলক অনুপ্ৰাণিত কৰিব বুলি মতপোষণ কৰে।

সম্পাদক বিনোদ কুমাৰ বৰ্মণে সংশ্লিষ্ট সকলোলৈকে আন্তৰিক কৃতজ্ঞতা আৰু শলাগ জ্ঞাপন কৰে।  শেষত অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

Related News