NORTHEAST NOW (Assamese)
Uncategorized

ভুল চিকিৎসা! বেজী লৈ স্মৃতিশক্তি হেৰুৱালে ৫ গৰ্ভৱতী মহিলাই : মধ্যপ্ৰদেশত ভয়ংকৰ ঘটনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 3, 2025 6:03 pm
ভুল চিকিৎসা! বেজী লৈ স্মৃতিশক্তি হেৰুৱালে ৫ গৰ্ভৱতী মহিলাই : মধ্যপ্ৰদেশত ভয়ংকৰ ঘটনা

পুনৰ উন্মোচিত হৈছে বিজেপি শাসিত ৰাজ্য মধ্যপ্ৰদেশৰ চিকিৎসা সেৱাৰ দুৰ্বল অৱস্থা। ডাবল ইঞ্জিনযুক্ত চৰকাৰৰ এনাস্থেটিক বেজী লোৱাৰ পিছত ৫ গৰাকী গৰ্ভৱতী মহিলাই হেৰুৱালে স্মৃতিশক্তি।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি শুকুৰবাৰে ৰেৱা জিলাৰ গান্ধী মেমৰিয়েল হাস্পতালত ৫ গৰাকী গৰ্ভৱতী মহিলাৰ চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰা হয়।

ইয়াৰ পূৰ্বে সংজ্ঞা নাশক বেজী দিয়া হৈছিল মহিলাকেইগৰাকীক। কিন্তু অস্ত্ৰোপচাৰ হোৱাৰ পিছত সংজ্ঞা ঘূৰি নাহিল মহিলা কেইগৰাকীৰ। তাৰ পিছত শীঘ্ৰে আই চি ইউলৈ প্ৰেৰণ কৰা হয় মহিলাকেইগৰাকীক।

চিজাৰিয়ান অস্ত্ৰোপচাৰৰ বাবে মেৰুদণ্ডত দিয়া বেজীৰ বাবেই এই সমস্যাৰ সৃষ্টি হব পাৰে চিকিৎসক সকলে অনুমান কৰিছে।

এই ঘটনাৰ পিছত এতিয়া চৰকাৰী চিকিৎসা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে মধ্যপ্ৰদেশৰ বাসিন্দাই। এই ঘটনাৰ তদন্তৰ দাবী জনাইছে ভুক্তভোগীৰ পৰিয়ালে।