NORTHEAST NOW (Assamese)

কালান্তক বছৰৰ শেষত আশাৰ ৰেঙণি!: কিহে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বিশ্ববাসীৰ বাবে?

December 30, 2020 4:10 pm · এন ই নাও নিউজ

কালান্তক বছৰটোৰ শেষত যেন এক আশাৰ ৰেঙণি দেখা পোৱা গৈছে!

সমগ্ৰ বছৰটো মহামাৰী ক’ৰ’ণাত সন্ত্ৰাসত ত্ৰস্তমান হৈ থকা বিশ্ববাসীৰ বাবে এক আশাৰ ৰেঙণি দেখুৱাইছে অক্সফ’ৰ্ডৰ আষ্ট্ৰাজেনেকাৰ কোভিড ভেকচিনে।

ইতিমধ্যে ভেকচিনটোৱে ক’ৰ’ণাৰ সম্ভাৱ্য প্ৰটিষেধকৰূপে ব্ৰিটেইনত ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। চাৰি ৪ জানুৱাৰীৰ পৰা দেশখনত এই ভেকচিনবিধক ক’ৰ’ণাৰ প্ৰতিষেধকৰূপে ব্যৱহাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।

ব্ৰিটেইনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মেডিচিন এণ্ড হেল্থ প্ৰডাক্টছ ৰেগুলেটৰি এজেঞ্চিৰ পৰামৰ্শ অনুসৰি দেশৰ চৰকাৰে ভেকচিনটোক ক’ৰ’ণা প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমোদন জনাইছে।

ইফালে ভেকচিনটোৰ প্ৰস্তুতকৰণত জড়িত থকা ভাৰতৰ ছেৰাম ইনষ্টিটিউটে জনাইছে যে অহা মাহৰ ভিতৰত ভেকচিনটোৱে ভাৰততো কোভিড প্ৰতিষেধকৰূপে ব্যৱহাৰৰ অনুমোদন লাভ কৰিব।

ছেৰামে জনোৱা অনুসৰি ভাৰতৰ ড্ৰাগ কণ্ট্ৰ’লাৰ অৱ ইণ্ডিয়াই চাবজেক্ট এক্সপাৰ্টৰ সৈতে এই বিষয়ে বৈঠক অব্যাহত ৰাখিছে।

উল্লেখ্য যে ভেকচিনটো অন্তিম পৰ্যায়ৰ ট্ৰায়েলত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া সৃষ্টি হোৱা নাই বুলি জানিব পৰা গৈছে।

দ্বিতীয় ড’জ দিয়াৰ পাছতো কোনো স্বেচ্ছাসেৱক চিকিৎসালয়ত ভৰ্তি কৰোৱাবলগীয়া হোৱা নাই বুলি জনাইছে ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰণালয়ে।

Related News