NORTHEAST NOW (Assamese)

ক্ৰমাগত তৃতীয়বাৰলৈ চীনৰ ৰাষ্ট্ৰপতি পদত ছি জিনপিং

March 10, 2023 10:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 10, 2023 10:31 am

ক্ৰমাগত তৃতীয়বাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি পদ নিশ্চিত কৰিছে ছি জিনপিঙে। আজি দেশখনৰ নেশ্যনেল পিপলছ কংগ্ৰেছ (এনপিচি)ৰ প্ৰায় ৩০০০ সদস্যই ছি জিনপিঙক ৰাষ্ট্ৰপতি পদৰ বাবে সৰ্বসন্মতিক্ৰমে ভোটদান কৰে।

অৱশ্যে এই নিৰ্বাচনত জিনপিঙৰ প্ৰতিদ্বন্দী কোনো প্ৰাৰ্থী নাছিল বুলি ৰয়টাৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। চীনৰ কেন্দ্ৰীয় সামৰিক আয়োগৰ অধ্যক্ষ হিচাপেও তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয় জিনপিং।

চীনৰ সংসদে ঝাও লেজীক সংসদৰ নতুন অধ্যক্ষ আৰু হান ঝেঙক নতুন উপ-ৰাষ্ট্ৰপতি হিচাপেও নিৰ্বাচিত কৰে। নতুনকৈ নিযুক্তিপ্ৰাপ্ত আটাইকেইগৰাকী পদবীধাৰীয়েই ছি জিনপিঙৰ আনুগত্যশীল।

উল্লেখ্য যে, যোৱা বৰ্ষৰ অক্টোবৰ মাহত ছি জিনপিং তৃতীয়টো পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছতে মাও জেডুঙৰ পিছত দেশখনৰ আটাইতকৈ শক্তিশালী নেতা হিচাপে হিচাপে একপ্ৰকাৰে পৰিগণিত হৈছিল জিনপিং।

উল্লেখ্য যে, জিনপিঙৰ পূৰ্বে চীনৰ ৰাষ্ট্ৰপতি হিচাপে এগৰাকী নেতাৰ ক্ষেত্ৰত দুটা কাৰ্যকালতে সীমাবদ্ধ আছিল। কিন্তু ২০১৮ চনত জিনপিঙে এই নিয়ম সলনি কৰিছিল। অৰ্থাৎ ছি জিনপিঙে অৱসৰ নোলোৱা পৰ্যন্ত অন্যথা মৃত্যু বা বহিষ্কাৰ নোহোৱালৈকে চীনৰ সৰ্বময় কৰ্তা হৈ থাকিব পাৰিব।

Related News