NORTHEAST NOW (Assamese)

নতুন বছৰত পুনৰ চীনৰ সেনাক যুদ্ধৰ বাবে সাজু হোৱাৰ নিৰ্দেশ দিলে ঝি জিনপিঙে

January 6, 2021 2:29 pm · এন ই নাও নিউজ

লাডাখ সংকটৰ সমান্তৰাল ভাবে চীনৰ শতাধিক এপ নিষিদ্ধ কৰাকলৈ ভাৰতৰ সৈতে চীনৰ ব্যৱধান ক্ৰমাৎ বাঢ়ি গৈছে।

এনে সময়তে ভাৰতৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে পুনৰ দেশ খনৰ সেনাক যুদ্ধৰ বাবে সাজু হৈ থকাৰ নিৰ্দেশ দিছে।

ছাউথ চাইনা মৰ্নিং পোষ্টত প্ৰকাশিতি বাতৰি অনুসৰি চীনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে সেনা বাহিনীৰ এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকি এই নিৰ্দেশ দিয়ে।

উল্লেখ্য লাডাখ সংকট চলি থকাৰ মাজতে  যোৱা বছৰতো চীনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে দেশ খনৰ সেনাক সামৰিক সামৰ্থ্য বৃদ্ধিৰ লগতে শত্ৰু পক্ষক পৰাভূত কৰিব পৰাকৈ যুদ্ধৰ বাবে সাজু থাকিবলৈ নিৰ্দেশ দিছিল।

চেণ্ট্ৰেল মিলিটেৰী কমিছনৰ এখন বৈঠকত অংশগ্ৰহণ কৰি জিনপিঙে কৈছিল যে ভাৰতে বাৰম্বাৰ চীনৰ এপ নিষিদ্ধ কৰি বিশ্ব বাণিজ্য সংস্থাৰ নীতিকে উলংঘা কৰি আহিছে।

ভাৰতৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত চীনে সদায় শান্তিপূৰ্ণ পন্থাত বিশ্বাস কৰে বুলি উল্লেখ কৰি জিনপিঙে কৈছিল যে ভাৰতে চীনৰ কোম্পানীসমূহৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বিধি মানি চলিলেহে দুয়ো খন দেশৰ সম্পৰ্ক মজবুত হৈ থাকিব।

মূলতঃ দেশৰ সাৰ্বভৌমত্ত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াব পৰা  বিভিন্ন ধৰণৰ বিষয়বস্তু সন্নিবিষ্ট হোৱা বুলি কাৰণ দৰ্শাই ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে এই মোবাইল এপ কেইটা দেশত নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল।

ইয়াৰ পূৰ্বেও ভাৰত চৰকাৰে ২০২০ চনৰ ২৯ জুলাইত ৫৯ টা মোবাইল এপ আৰু ২০২০ চনত ১১৮ টা মোবাইল এপ দেশত নিষিদ্ধ কৰিছিল। নতুন বছৰত চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰাত দুয়ো খন দেশৰ মাজত যে সহজে শান্তি প্ৰতিষ্ঠা নহ’ব তাৰেই ইংগিত দিছে।

Related News