NORTHEAST NOW (Assamese)

তিনিবছৰৰ ভিতৰত সম্পূর্ণৰূপে প্ৰদূষণ মুক্ত কৰি তোলা হ’ব যমুনা নদী : আম আদমী পাৰ্টি

February 17, 2021 10:17 am · এন ই নাও নিউজ

দিল্লীত আম আদমী পাৰ্টিৰ তৃতীয়টো কাৰ্য্যকালৰ প্ৰথম বৰ্ষ পুৰ্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত আম আদমী পাৰ্টিয়ে আগন্তুক তিনিবছৰৰ ভিতৰত যমুনা নদী পৰিস্কাৰ কৰি তুলিব বুলি ঘোষণা কৰে।

২০২০ বৰ্ষৰ নিৰ্বাচনী ইস্তাহাৰত যমুনা নদী পৰিস্কাৰ কৰি তোলাৰ কথা ঘোষণা কৰা আম আদমী পাৰ্টিয়ে ২০২৫ চনৰ পূৰ্বে যমুনা নদী সম্পুৰ্ণৰূপে পৰিস্কাৰ কৰি তোলা হ’ব বুলি কয়।

‘‘আমাৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে যমুনা নদী সম্পুৰ্ণৰূপে পৰিস্কাৰ কৰি তোলাৰ বাবে স্পষ্টভাৱে নিৰ্দেশনা দিছে………..আৰু আমি দিনে-নিশাই আমাৰ প্ৰতিশ্ৰুতি পালনৰ বাবে কাম কৰি আছো,’’ আম আদমী পাৰ্টিৰ নেতা সৈতেন্দ্ৰ জৈনে এইদৰে সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখযোগ্য যে, দিল্লীত যমুনা নদীত প্ৰদূষণৰ মাত্ৰা বিগত সময়ছোৱাত অতি বিপদজনকভাৱে বৃদ্ধি পাইছিল।

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিৰ চৰকাৰে বিগত নিৰ্বাচনী ইস্তাহাৰত যমুনা নদী পৰিস্কাৰ কৰি দিল্লীবাসীক এখন প্ৰদূষণবিহীন যমুনা নদী উপহাৰ দিয়া হ’ব বুলি উল্লেখ কৰিছিল।

Related News