NORTHEAST NOW (Assamese)
অসম

বেংকৰ উচ্চ পদস্থ বিষয়া সৰ্বেশ্বৰ দাসৰ কোভিড আক্ৰান্ত হৈ গুৰগাঁৱত চিকিৎসাধীন অৱস্থাত মৃত্যু

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক April 25, 2021 6:32 am
Bank officer died

তামুলপুৰ মহকুমাৰ লতিবাৰীৰ সমাজকৰ্মী প্ৰয়াত নন্দৰাম দাসৰ পুত্ৰ সৰ্বেশ্বৰ দাস (৫১)ৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয়। নতুন দিল্লীস্থিত য়েচ বেংকৰ ছিনিয়ৰ ভাইচ প্ৰেছিডেন্ট আছিল সৰ্বেশ্বৰ দাস।

তেওঁ কোভিডজনিত কাৰণত দিল্লীৰ গুৰগাঁৱত অৱস্থিত প্ৰতীক্ষা হাস্পতালত চিকিৎসাধীন হৈ আছিল আৰু ২৩ এপ্ৰিল শুকুৰবাৰে চিকিৎসাধীন অৱস্থাত তেওঁৰ  মৃত্যু ঘটে ।

কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত বামুন্দী গাঁওত জন্ম গ্ৰহণ কৰা সৰ্বেশ্বৰ দাসে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ লতিবাৰীৰ হাইস্কুলত শিক্ষা গ্ৰহণ কৰি সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।

পৰবৰ্তী সময়ত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ পিছত বেংকৰ সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ কেইবাটাও বেংকৰ পৰা প্ৰবেশ্যনাৰী অ’ফিচাৰ পদত নিযুক্তি পত্ৰ লাভ কৰে।

তেওঁ ভাৰতীয় ষ্টেট বেংকৰ দক্ষিণ ভাৰতকে ধৰি ভিন ভিন ৰাজ্যৰ কেবাটাও  শাখাত কাৰ্যনিৰ্বাহ কৰিছিল।

পৰবৰ্তী কালত ”ৰয়েল বেংক অৱ স্কটলেণ্ড”কে আদি কৰি বিদেশী বেংকতো দাসে চাকৰি কৰিছিল। মৃত্যুৰ পূৰ্বে য়েচ বেংকৰ দিল্লীস্থিত কাৰ্যালয়ত নিযুক্ত হৈ  আছিল দাস।

অতি মেধা সম্পন্ন দাসে  ”Certified Documentary Credit Specialist”  নামৰ কঠিন আন্তৰ্জাতিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সুনাম অৰ্জন কৰিছিল আৰু চাউথাৰ্ন নিউ হেম্পশ্বয়াৰ বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰীও  লাভ কৰিছিল।

বিত্তীয় ক্ষেত্ৰত প্ৰচুৰ অভিজ্ঞতা আৰু সম্ভাবনা থকা সৰ্বেশ্বৰ দাসৰ অকাল বিয়োগত পৰিয়াল, আত্মীয়-কুটুম শোকস্তব্ধ হোৱাৰ লগতে স্বল্পভাষী, নম্ৰ, বিনয়ী আৰু স্নেহবৎসল সৰ্বেশ্বৰ দাসৰ গুণগ্ৰাহী সকলো শোকত ম্ৰিয়মাণ হৈ পৰিছে।