NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ই-প্ৰজ্ঞা নামৰ য়ু টিউব চেনেল মুকলি

Posted by: পাৰ্শ্বজোতি গগৈ Updated by: পাৰ্শ্বজোতি গগৈ May 28, 2020 6:30 pm
শিৱসাগৰত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ই-প্ৰজ্ঞা নামৰ য়ু টিউব চেনেল মুকলি

ল’কডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলক অ’নলাইনৰ মাধ্যমেৰে শিক্ষা প্ৰদানৰ বাবে আজি শিৱসাগৰত এটা য়ু টিউব চেনেল মুকলি কৰা হয়।

‘ই-প্ৰজ্ঞা’ নামৰ এই য়ু টিউব চেনেলটোত জিলা খনৰ বছা বছা শিক্ষক-শিক্ষয়ত্ৰীয়ে বিভিন্ন বিষয়ৰ ওপৰত শিক্ষাদান কৰা ভিডিঅ প্ৰস্তুত কৰি  এই চেনেলত আপলোড কৰিছে।

আজি শিৱসাগৰ জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ত সাংবাদিকৰ উপস্থিতিত জিলা শিক্ষা বিষয়া আব্দুল জেলিলে আনুষ্ঠানিকভাৱে মুকলি কৰে ‘ই-প্ৰজ্ঞা’ নামৰ য়ু টিউব চেনেলটো।

এই য়ু টিউব চেনেলৰ দ্বাৰা জিলা খনৰ ছাত্ৰ ছাত্ৰী সকল উপকৃত হব বুলি আশাবাদী জিলা শিক্ষা বিষয়া আব্দুল জেলিল।

প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ প্ৰাথমিক পৰ্যায়লৈ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এই য়ু টিউব চেনেলটোত পাঠ্যক্ৰম সন্নিবিষ্ট কৰা হৈছে।

চেনেলটোত অভিজ্ঞ শিক্ষক-শিক্ষয়ত্ৰীদ্বাৰা প্ৰস্তুত কৰা পাঠ্যক্ৰমৰ জৰিয়তে ঘৰতে থাকি ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ’ব পাৰিব।

উল্লেখযোগ্য যে, শিৱসাগৰ শিক্ষা বিভাগে ইয়াৰ পূৰ্বে মাধ্যমিক শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আন এটা য়ু টিউব চেনেল মুকলি কৰিছিল।

জিলা শিক্ষা বিষয়া আব্দুল জেলিলৰ লগতে দীপক দত্ত,  গৌৰীশংকৰ বৰুৱা, বি শুভৰাম, নিল’ফৰ মেহতাবি, বিজয় দাস, দেৱজিত বৰকাকতি, প্ৰশান্ত বৰঠাকুৰ, বন্দনা হাজৰিকা, পাৰ্থপ্ৰতিম বৰগোহাঁই, কংকনা গোস্বামী, ব্ৰজেন বড়াকে ধৰি বহু ব্যক্তিৰ প্ৰচেষ্ঠাত ই-প্ৰজ্ঞা নামৰ চেনেলটো মুকলি কৰা হৈছে।