NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ১ লাখ টকাৰ বৰঙণি নলবাৰীৰ যুৱ ব্যৱসায়ীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 31, 2019 7:45 am
CM FUND

ৰাজ্যৰ বান-আক্ৰান্ত সকলৰ বাবে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়োৱাৰ সময়তে নলবাৰীৰ এগৰাকী যুৱ ব্যৱসায়ীয় তথা সমাজকৰ্মীয়ে বান-আক্ৰান্তৰ বাবে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ এক লাখ টকাৰ অনুদান আগবঢ়াইছে।

নলবাৰীৰ ‘আস্থা মটৰ্ছ’ৰ স্বত্ত্বাধিকাৰী অভিজিত কলিতাই বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ এক লাখ টকাৰ এখন চেক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰদান কৰে।

চেক প্ৰদানৰ সময়ত ব্যৱসায়ী জনৰ লগত আছিল নলবাৰীৰ বিধায়ক অশোক শৰ্মা। যুৱ ব্যৱসায়ী গৰাকীৰ এনে মহানুভৱতাক মুখ্য মন্ত্ৰী সোণোৱাল, বিধায়ক অশোক শৰ্মাৰ লগতে জিলাখনৰ সচেতন ৰাইজে ধন্যবাদ জনাইছে।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ বানপানীয়ে অসমত ভয়াবহ ৰূপ ধাৰণ কৰি ৩২ খন জিলা জলমগ্ন কৰাৰ লগতে বানপানীৰ ফলত কেইবা লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হয়। যাৰ বাবে ৰাজ্য চৰকাৰে জনসাধাৰণৰ পৰা আৰ্থিক সাহায্য বিচাৰিছিল। সেই আহ্বান মৰ্মেই ৰাজ্যৰ বাহিৰৰ লগতে অসমৰ বিভিন্ন লোকে মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ এইদৰে অনুদান আগবঢ়াই আছে।