NORTHEAST NOW (Assamese)
অসম

চিকিৎসাত অৱহেলাৰ অভিযোগ; মৃত্যু প্ৰতিভাশালী কিশোৰী ফুটবলাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 15, 2022 4:42 pm

চিকিৎসাত অৱহেলাৰ অভিযোগ উঠিছিল। অস্ত্ৰোপচাৰৰ ভুলৰ বাবে এগৰাকী প্ৰতিভাশালী কিশোৰী ফুটবলাৰৰ মৃত্যু ঘটিছে। এই ঘটনাৰ পিছতে চৰকাৰী চিকিৎসালয়ৰ দুগৰাকী চিকিৎসকক নিলম্বিত কৰা হৈছে।

স্নাতক পৰ্যায়ৰ শাৰীৰিক শিক্ষাৰ ছাত্ৰী প্ৰিয়াই সোঁ আঁঠুত আঘাত পাইছিল। চিকিৎসকসকলে আঘাতটো আৰোগ্য কৰিবলৈ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু অস্ত্ৰোপচাৰৰ পাছতো প্ৰতিভাশালী তৰুণী ফুটবলাৰগৰাকীয়ে আৰোগ্য লাভ নকৰিলে। চিকিৎসকসকলে তেতিয়া এটা ভৰি কাটিবলৈ সিদ্ধান্ত লয়।

লগতে পঢ়ক: কিয় লাখ লাখ কোটি কোটি টকা বিলাই দিছে বিশ্বৰ অন্যতম ধনী ব্যক্তি জেফ বেজোছে?

চেন্নাইৰ ৰাজীৱ গান্ধী চৰকাৰী চিকিৎসালয়ত এই অস্ত্ৰোপচাৰটো কৰা হৈছিল। কিন্তু মঙলবাৰে ৰাতিপুৱা অস্ত্ৰোপচাৰৰ এদিন পিছতে প্ৰিয়াৰ মৃত্যু হয়। ১৭ বছৰীয়া ফুটবলাৰগৰাকী ৮ নৱেম্বৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছিল।

ঘটনাটোত কিশোৰীগৰাকীৰ পৰিয়াল ভাগি পৰিছে। তামিলনাডুৰ স্বাস্থ্য মন্ত্ৰী সুব্ৰমনিয়ামে কয়, “অস্ত্ৰোপচাৰটো সফল হৈছিল। কিন্তু বেণ্ডেজটো ইমান জোৰেৰে বান্ধি দিয়া হৈছিল যে অত্যাধিক ৰক্তক্ষৰণৰ ফলত ছোৱালীজনীৰ মৃত্যু হৈছিল। দুজন চিকিৎসকক নিলম্বন কৰা হৈছে।‘’

ৰাজ্য চৰকাৰে কিশোৰীগৰাকীৰ পৰিয়ালক ১০ লাখ টকাৰ আৰ্থিক সাহায্য আৰু ফুটবলাৰগৰাকীৰ ভায়েকক চৰকাৰী চাকৰিৰ আশ্বাস দিছে।

লগতে পঢ়ক: অনবদ্য যশোদা! পোষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰিল সামান্থাৰ ভিডিঅ’

প্ৰশিক্ষক জোৱেল ছাত্ৰীগৰাকীৰ মৃত্যুত ভাগি পৰিছে। তেওঁ কয়, “ছোৱালীজনীয়ে দেশৰ হৈ খেলাৰ সপোন দেখিছিল।‘’