NORTHEAST NOW (Assamese)
অসম

জি-২০ সন্মিলনৰ মাজতে আলাপ মোডী-বিডেনৰ; চীনলৈ কি বাৰ্তা দিলে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 15, 2022 5:25 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে জি-২০ সন্মিলনৰ মাজতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই প্ৰযুক্তিগত বিকাশ, আঞ্চলিক আৰু গোলকীয় উন্নয়নৰ দৰে বিষয়ত আলোচনা কৰিছে বুলি জানিব পৰা গৈছে।

এক টুইটযোগে ভাৰতীয় বৈদেশিক সচিব অৰিন্দম বাগচীয়ে কয়, “দুয়োগৰাকী নেতাই কোৱাড (আমেৰিকা যুক্তৰাজ্য, ভাৰত, অষ্ট্ৰেলিয়া, জাপান) আৰু আই-২ইউ২ (ভাৰত, ইজৰাইল, আমেৰিকা, ইউএই)ৰ দৰে গোটত ভাৰত আৰু আমেৰিকাৰ মাজত বুজাবুজি অধিক শক্তিশালী কৰিবলৈ সন্মত হৈছে।‘’

ইয়াৰ পূৰ্বে, জি জিনপিঙে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতে এক বৈঠক কৰিছিল। জিনপিং আৰু বিডেন ৰাছিয়াৰ “পাৰমাণৱিক ভাবুকি”ৰ প্ৰ সংগত সহমত পোষণ কৰিছিল। অৱশ্যে জিনপিঙে টাইৱানৰ ওপৰত বিডেনক এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছিল।

ইপিনে, জি-২০ৰ সময়ত মোডী-জিনপিঙৰ বৈঠকৰ সম্ভাৱনা অতি ক্ষীণ। এই সন্দৰ্ভত মোডী-বিডেন বৈঠকত কোৱাড আৰু আই-২ইউ২ সন্দৰ্ভত হোৱা আলোচনাক পৰোক্ষভাৱে চীনলৈ বাৰ্তা প্ৰেৰণ কৰা বুলি বিবেচনা কৰা হৈছে। বেইজিঙে আৰম্ভণিৰে পৰা কোৱাড আৰু আই২ইউ২ ৰ দৰে গোটৰ বিৰোধিতা কৰি আহিছে। জিনপিং প্ৰশাসনে দাবী কৰিছে যে চীনৰ বিৰুদ্ধে “ষড়যন্ত্ৰ” কৰিবলৈ এনে  গোট গঠন কৰা হৈছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে কয় যে মোডী-বিডেন বৈঠকত “ভৱিষ্যৎমুখী খণ্ড”ত পাৰস্পৰিক বুজাবুজি বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ প্ৰথম ভাৰতীয় বংশোদ্ভূত প্ৰধানমন্ত্ৰী ঋষি চুনাকৰ মুখামুখি হয়। মোডীয়ে ইমানুৱেল মেক্ৰনকো সাক্ষাৎ কৰে। মোডী আৰু মেক্ৰনক ইজনে সিজনক আলিঙ্গন কৰা দেখা গৈছিল। মোডীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীকো সাক্ষাৎ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী ড০ টেড্ৰোছ ঘেব্ৰিয়াচাছে পৰম্পৰাগত ঔষধৰ বাবে গোলকীয় কেন্দ্ৰ স্থাপন কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে।