NORTHEAST NOW (Assamese)
অসম

সেনা বাহিনীৰে সংঘৰ্ষত কাশ্মীৰত চাৰিজন সন্ত্ৰাসবাদী নিহত, এজনৰ আত্মসমৰ্পন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 29, 2020 9:37 am
সেনা বাহিনীৰে সংঘৰ্ষত কাশ্মীৰত চাৰিজন সন্ত্ৰাসবাদী নিহত, এজনৰ আত্মসমৰ্পন

জম্মু আৰু কাশ্মীৰৰ কিলোৰা অঞ্চলত শুকুৰবাৰে নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত চাৰি গৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিগৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ পাছত এগৰাকী সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষী বাহিনীৰ ওচৰত আত্মসমৰ্পন কৰে।

অভিযানকাৰী ভাৰতীয় সেনা বাহিনীৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰে।

”মৃত্যু হোৱা সন্ত্ৰাসবাদী কেইগৰাকীৰ পৰা দুটা এ কে চিৰিজৰ ৰাইফল আৰু তিনিটা পিষ্টলো উদ্ধাৰ কৰা হয়,” সেনা বাহিনীৰ সূত্ৰত লগত প্ৰকাশ।

উল্লেখযোগ্য  যে, শুকুৰবাৰে উক্ত অঞ্চলটোত সেনা বাহিনীৰ তহলদাৰী গোটে নিয়মীয়া তহল দিয়াৰ সময়তে চোপ লৈ থকা সন্ত্ৰাসবাদীৰ এটা পাঁচজনীয়া দলে নিৰাপত্তাৰক্ষী বাহিনীক উদ্দেশ্য কৰি ধাৰাশাৰ গুলীবৰ্ষণ কৰে।

নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোৱে সন্ত্ৰাসবাদীৰ গুলীৰ প্ৰত্যুত্তৰ দিয়াত ঠাইতে চাৰিগৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ বিপৰীতে এগৰাকী সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পন কৰে।

এই সংঘৰ্ষত কোনো সেনা বাহিনীৰ জোৱান আঘাতপ্ৰাপ্ত হোৱা নায়।