NORTHEAST NOW (Assamese)

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী সাংবাদিক

March 31, 2020 7:30 am · কল্পজ্যোতি শইকীয়া
পথ দুৰ্ঘটনাত নিহত যুৱতী সাংবাদিক দিম্পী কাশ্যপ। ফাইল ফটো

লকডাউনৰ সময়ছোৱাত সোমবাৰে মহানগৰীৰ সুন্দৰপুৰৰ ৰাধাচুড়া পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় এগৰাকী যুৱতী সাংবাদিক।

প্ৰতিবিম্ব লাইভ নামৰ এটা ব্যক্তিগত ৱেব পৰ্টেলত কৰ্মৰত দিম্পী কাশ্যপ (২২) নামৰ যুৱতী গৰাকী নিশা প্ৰায় ৮ বজাত কাৰ্য্যালয়ৰ পৰা কাম কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, যুৱতী সাংবাদিকগৰাকী নিজৰ স্কুটীৰে সহকৰ্মী সাংবাদিক অৰূপ মৰাঙৰ লগত বেলতলাৰ ছাৰ্ভেস্থিত বাসগৃহলৈ গৈ থকা সময়ত সুন্দৰপুৰৰ এটা লাইনৰ পোষ্টত খুন্দা মাৰে।

আঘাত গুৰুতৰ হোৱা বাবে দিম্পীক চিকিৎসাৰ বাবে ততাতয়াকৈ লৈ যোৱা হয় খ্ৰীষ্টানবস্তিস্থিত এপ’ল’ হাস্পতাললৈ।

কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত নিশা প্ৰায় ১১:৩০ বজাত মৃত্যুক সাৱটি লয় যুৱতী সাংবাদীকগৰাকীয়ে।

ইপিনে, তেওঁৰ লগত থকা অৰূপ মৰাং(২৫) নামৰ সাংবাদিকজন গুৰুতৰভাৱে আহত হয়। তেওঁ বুকুত আঘাত পোৱা বুলি জানিব পৰা গৈছে আৰু বৰ্তমান মহানগৰীৰ গেট হাস্পতালৰ ICU ত চিকিৎসাধীন হৈ আছে।

আজি কিছুদিনৰ পূৰ্বে সংবাদজগতত ভৰি থৈছিল যুৱতীগৰাকীয়ে।

দুয়োগৰাকীয়ে প্ৰতিবিম্ব লাইভৰ ডেস্কত কাম কৰিছিল বুলি জানিব পৰা গৈছে।

Related News