NORTHEAST NOW (Assamese)

নতুন প্ৰজন্মৰ মাজত হেৰাইছে যৌন প্ৰৱণতা! সমীক্ষাত প্ৰকাশ চাঞ্চল্যকৰ দাবী

July 7, 2023 10:30 am · এন ই নাও নিউজ, গুৱাহাটী

যৌনতাৰ দিশত পূৰ্ব পুৰুষৰ ওচৰত পৰাস্ত হৈছে নতুন প্ৰজন্ম! পূৰ্ব প্ৰজন্মৰ লোকসকলৰ মাজত যিধৰণৰ যৌন প্ৰৱণতাই বিৰাজ কৰিছিল, তাৰ তুলনাত বহু পিছ পৰি ৰৈছে নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকল। এটা সমীক্ষাত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ দাবী।

এক স্বাস্থ্য সম্পৰ্কীয় ৱেবছাইটত প্ৰকাশিত হৈছে এই সমীক্ষা। সমীক্ষাত ভাগ লোৱা গৱেষকসকলৰ মতে, নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ মাজত যৌন প্ৰৱণতা যথেষ্ট হ্ৰাস পাইছে। গৱেষকসকলে দাবী কৰা মতে, যুৱ প্ৰজন্মৰ মাজত মদ্যপানৰ ধাৰা কমি আহিছে যদিও মানসিক স্বাস্থ্যজনিত সমস্যাত ভুগিছে।

কিন্তু তাতোকৈ বেছি কম্পিউটাৰ গেম আৰু ছ’চিয়েল মিডিয়াৰ প্ৰতি আসক্তিয়ে তেওঁলোকৰ স্বাভাৱিক যৌন জীৱনত প্ৰভাৱ পেলাইছে। এই সমীক্ষা আমেৰিকাৰ কেলিফৰ্ণিয়াৰ যুৱক-যুৱতীসকলৰ ওপৰত কৰা হৈছিল।

ধাৰণা অনুসৰি, বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভিদ- এ এইক্ষেত্ৰত বিস্তৰ প্ৰভাৱ পেলাইছে। ক’ভিদকেন্দ্ৰিক লকডাউন আৰু সামাজিক দূৰত্বৰ বাবে ডেটিং হৈ পৰিল যথেষ্ট কঠিন আৰু বিপদাপন্ন। অৱশ্যে তাৰ পূৰ্বেই নৱপ্ৰজন্মৰ মাজত যৌন প্ৰৱণতাৰ অৱনতি ঘটিছে বুলি সমীক্ষাটোৱে দাবী কৰিছে।

সমীক্ষাটোত প্ৰকাশ পোৱা মতে, ২০১১ চনত কেলিফৰ্ণিয়াৰ ১৮-৩০ বছৰীয়া লোকৰ ভিতৰত ২২ শতাংশই এটা বছৰত কাৰো সৈতে যৌন সম্পৰ্ক স্থাপন কৰা নাছিল বুলি উল্লেখ কৰিছিল। ২০১৯ চনত এই হাৰ ২৯ শতাংশলৈ বৃদ্ধি পায়। আনহাতে ২০২১ চনত ৩৮ শতাংশলৈ বৃদ্ধি পাইছে এই হাৰ।

‘ইউ চি এল এ’- ৰ ‘কেলিফৰ্ণিয়া হেল্থ ইন্টাৰভিউ চাৰ্ভে’ৰ এক পৰিসংখ্যাই দাবী কৰিছে এই কথা।

এনে পৰিসংখ্যাৰ বিষয়ে উল্লেখ কৰি যৌন বিজ্ঞানী এৰিন টিলমেনে কয় যে এই ‘যৌনতাহীন ধাৰা’ৰ ফলত অপৰিকল্পিত গৰ্ভধাৰণ বা যৌন সংক্ৰামক ৰোগৰ হাৰ হ্ৰাস পাইছে। অৱশ্যে ইয়াৰ বাবে তেওঁ কোনো উদ্বেগ প্ৰকাশ কৰা নাই। যুৱক-যুৱতীসকলে এতিয়া পাৰস্পৰিক সংযোগ স্থাপনৰ আন উপায় বিচাৰি পাইছে বুলি টিলমেনে মন্তব্য কৰে।

Related News