NORTHEAST NOW (Assamese)

ভাৰতীয় দলত কোন এই যুৱ খেলুৱৈ যাৰ বিষয়ে স্বয়ং কোহলীয়ে কৈছিল ‘মোৰ নিজৰে নাই তেওঁৰ সমান প্ৰতিভা’

September 13, 2019 10:49 am · এন ই নাও নিউজ
Updated: September 13, 2019 10:55 am
শুভমন গীল

দীৰ্ঘদিনৰ চৰ্চাৰ অন্তত ফৰ্মৰ সৈতে যুজি থকা ভাৰতৰ অপেনিং বেটছমেন কে এল ৰাহুলক আগন্তুক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাদ দিয়া হৈছে।

কে এল ৰাহুলৰ স্থানত ভাৰতীয় টেষ্ট দলত অভিষেক ঘটিছে প্ৰতিভাৱান যুৱ খেলুৱৈ শুভমন গীলৰ।

অনুৰ্ধ-১৯ বিশ্বকাপত ভাৰতৰ বিজয়ত মুখ্য ভূমিকা পালন কৰা আৰু প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক কৰিয়ে বৃহৎ ৰাণ কৰিবলৈ সক্ষম হোৱা পঞ্জাৱৰ প্ৰতিভাৱান খেলুৱৈ গৰাকীয়ে নিজৰ প্ৰদৰ্শনৰ জৰিয়তে দল নিৰ্বাচক সমিতিৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

২০ বছৰীয়া শুভমন গীলৰ বিষয়ে ভাৰতীয় অভিনায়ক বিৰাট কোহলীয়ে মন্তব্য কৰি কৈছিল ‘‘১৯ বছৰ বয়সত শুভমনে যি প্ৰতিভা দেখুৱাইছে তেনে প্ৰতিভা একে বয়সত মোৰ নাছিল।’’

উল্লেখযোগ্য যে, শেহতীয়াকৈ ভাৰতীয়-এ দলৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণ আৰু দক্ষিণ আফ্ৰিকা-এৰ বিৰুদ্ধে শৃংখলাত শুভমনে আগবঢ়োৱা প্ৰদৰ্শনৰ বাবেই দল নিৰ্বাচক সমিতিয়ে তেওঁক ভাৰতীয় দলত অন্তৰ্ভূক্ত কৰিবলৈ বাধ্য হয়।

শুভমন গীলে আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ বিগত বৰ্ষত অভিষেক ঘটাই ভাল প্ৰদৰ্শন দাঙি ধৰিছিল।

আনহাতে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাত ৰোহিত শৰ্মাক প্ৰথম পছন্দৰ অপেনাৰ হিচাপে দলত ৰখা হৈছে।

বেগী বলাৰ উমেশ যাদৱ দলৰ পৰা বাদ পৰাৰ লগতে হাৰ্ডিক পাণ্ডেয়াকো টেষ্ট দলৰ বাবে নিৰ্বাচক সমিতিয়ে নিৰ্বাচন নকৰিলে।

Related News