NORTHEAST NOW (Assamese)

পেঙেৰীত নাবালিকাক বলাৎকাৰৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হ’ল যুৱক : আপোচৰ নামত ৩০ হাজাৰ সৰকালে ভিডিপিৰ সম্পাদকে

August 17, 2020 7:22 pm · মানস প্ৰতীম গগৈ
Updated: August 17, 2020 7:28 pm

তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত ১ নং মুংগং পথাৰৰ এগৰাকী নাবালিকাক এজন যুৱকে বলাৎকাৰ কৰিবলৈ চেষ্টা কৰা এই ঘটনাক গাপ দিয়াৰ বাবে গাঁৱৰক্ষী বাহিনীৰ সম্পাদকে ধন সংগ্ৰহ কৰা ঘটনাৰ খবৰে চাঞ্চল্য সৃষ্টি হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি একে চুবুৰীৰে এগৰাকী নাবালিকাক বলাৎকাৰৰ চেষ্টা কৰি ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল পেঙেৰী থানাৰ অন্তৰ্গত ১ নং মুংগং পথাৰৰ এজন যুৱক।

ঘটনাৰ বিৱৰণী মতে যোৱা ১৩ আগষ্ট তাৰিখেই সন্ধিয়া একেখন গাঁৱ এগৰাকী নাবালিকাক বলাৎকাৰৰ চেষ্টা কৰাৰ অভিযোগৰ ভিত্তিত ধনু ওৰফে ধনে গড় (২০)ক আটক কৰি নি পেঙেৰী থানাৰ লক- আপত ভৰাই থয়। লগে লগে দুয়ো পক্ষ পেঙেৰী থানালৈ গৈ আৰক্ষীৰ উপস্থিতিত আপোচ মীমাংসা কৰি গোচৰটো উঠাই লৈ হাজোতৰ পৰা ধনু গড়ক মুকলি কৰি নিয়ে।

নাবালিকা পিতৃয়ে আৰক্ষীক লিখিত ভাৱে জনোৱা মীমাংসা পত্ৰত কোৱা হৈছিল যে তেওঁৰ ছোৱালীক ধনু গড়ে বলাৎকাৰৰ চেষ্টা কৰা অভিযোগটো সত্য নহয়, বৰঞ্চ এক অপপ্ৰচাৰহে আছিল। গতিকে তেওঁ ইতিমধ্যে প্ৰদান কৰা অভিযোগ উঠাই লোৱাৰ সিদ্ধান্ত লৈছে।

ইফালে ধনুৰ পিতৃ সন্তোষ গড়ে জানিবলৈ দিয়া মতে এই মীমাংসাৰ বাবে ১ নং মুংগং পথাৰ গাঁৱৰ গাঁৱৰক্ষী বাহিনীৰ সম্পাদক বংশী চেত্ৰীক ৩৫ হাজাৰ টকা দিব লগা হয়। উক্ত পৰিমাণৰ টকাখিনি অৱশ্যে কাৰ কাৰ জেপত সোমাল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

কিন্তু আপোচ মীমাংসাৰ তিনিদিনৰ পাছত উক্ত ঘটনাই অন্যফালে গতি ল’লে। আটছাৰ পেঙেৰী শাখাৰ হেঁ‌চাত পৰি নাবালিকাৰ পিতৃয়ে ১৬ আগষ্টত পেঙেৰী থানাত ধনু গড়ৰ বিৰুদ্ধে পুনৰবাৰ এজাহাৰ দাখিল কৰাত দ্বিতীয়বাৰৰ বাবে ধনুক আৰক্ষীয়ে আটক কৰি আনে।

অনহাতে দুখীয়া পৰিয়ালৰ পৰা আপোচ মীমাংসাৰ নামত ৩৫ হাজাৰকৈ টকা সৰকাই লোৱাৰ বিৰুদ্ধেও তদন্ত কৰিবলৈ দাবী উত্থাপন হৈছে।

নাবালিকা গৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত কালি পেঙেৰী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/ আৰ ডব্লিউ ছেকচনৰ প’কছ’ এক্টৰ ৪ ৰ অধীনত ৩৬/ ২০২০ নম্বৰত এটা গোচৰ পঞ্জীভুক্ত কৰি ধনু গড়ক গ্ৰেপ্তাৰ কৰে।

আজি ধৃত যুৱকজনক ৰঙাঘৰলৈ প্ৰেৰণ কৰে। এই ঘটনাই অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি হৈছে।

Related News