NORTHEAST NOW (Assamese)
অসম

ফেচবুকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি গ্ৰেপ্তাৰ হ’ল গোগামুখৰ যুৱক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 28, 2021 8:19 pm
ar

ফেচবুকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি গ্ৰেপ্তাৰ হ’ল গোগামুখৰ যুৱক।

যুৱক জনৰ নাম নিপম চুতীয়া।

পূৰ্বতে সাংবাদিক হিচাপেও কৰ্মৰত আছিল যুৱকজন।

fb

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আলফাৰ নামত ধনদাবী কৰাৰ অভিযোগ তুলিছিল যুৱকজনে।
মানবেন্দ্ৰ শৰ্মাৰ হত্যাৰ অভিযোগো তুলিছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে।

সম্প্ৰতি গড়চুক আৰক্ষীৰ জিম্মাত আছে যুৱকজন।

আৰক্ষীয়ে গড়চুক থানাত ৩৫৩/২১ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ২৯৪ এ/৫০৬ ধাৰা আৰু তথ্য আৰু প্ৰযুক্তি আইনৰ ৬৭ নম্বৰ ধাৰাত গোচৰ ৰুজু কৰি সোধা পোচা অব্যাহত ৰাখিছে।